নলবাৰী,31 মে': শেহতীয়াকৈ নলবাৰীত ক’ভিড আক্ৰান্তৰ বিপৰীতে বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ ৷ এয়া নিসন্দেহে জিলাবাসীৰ বাবে এক সুখবৰ ৷ কিন্তু তাৰমাজতো ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে একাংশ লোকে ৷ আন একাংশ আছে আকৌ হোম কোৱাৰেণ্টাইনত ৷
জিলাখনৰ বিভিন্ন প্ৰান্তৰ আক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল জৈন সমাজৰ লগতে সদৌ নলবাৰী জিলা ছাত্র সন্থা ৷ জিলাখনৰ বালিতাৰা, কটৰা, ক্ষুদ্ৰ বিষ্টুপুৰ, চেংনৈ গাঁৱৰ প্ৰায় 50 টা ক'ভিড আক্ৰান্ত পৰিয়ালক চাউল, আলু, দাইল, মিঠাতেল, পিঁয়াজ, বিস্কুট, চাবোন, চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে সংগঠন দুটাই ৷
এই কাৰ্যসূচীত জৈন সমাজ নলবাৰীৰ ডাঃ ৰাকেশ জৈন, অনিল জৈন, মুকেশ জৈন, অজিত জৈন, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ সভাপতি উৎপল কলিতা, সাধাৰণ সম্পাদক অক্ষয় ডেকা, সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা, পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক শংকৰ কলিতাকে ধৰি জৈন সমাজ নলবাৰীৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।