ETV Bharat / state

Nalbari Zila Divas 2022: তুংগত উঠিছে নলবাৰী জিলা দিৱসৰ প্ৰস্তুতি - শিক্ষাৰ নৱদ্বীপ খ্যাত প্ৰজ্ঞানগৰী নলবাৰী জিলা

৩৭ বছৰ অতিক্ৰম কৰিলে নলবাৰী জিলাই (Nalbari district crosses 37 years)। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব নলবাৰী জিলা দিৱস (Nalbari Zila Divas to be celebrated with three days program) । আগন্তুক ১২, ১৩ আৰু ১৪ আগষ্ট তাৰিখে উদযাপন কৰা হ’ব নলবাৰী জিলা দিৱস ৷v

Nalbari Zila Divas to be celebrated with three days program
তুংগত উঠিছে নলবাৰী জিলা দিৱসৰ প্ৰস্তুতি
author img

By

Published : Aug 8, 2022, 7:38 PM IST

নলবাৰী, ৮ আগষ্ট : শিক্ষাৰ নৱদ্বীপ খ্যাত প্ৰজ্ঞানগৰী নলবাৰী জিলাই অতিক্ৰম কৰিলে ৩৭ টাকৈ সোণালী বছৰ (Nalbari district crosses 37 years)। যাৰ বাবে এতিয়া গৌৰৱান্বিত প্ৰতিজন নলবাৰীবাসী ৷ নলবাৰীৰ ৩৭ বছৰ উপলক্ষে জিলাখনত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব নলবাৰী জিলা দিৱস (Nalbari Zila Divas to be celebrated with three days program) ।

উল্লেখ্য যে, তাহানিৰ অবিভক্ত কামৰূপ জিলাৰ পৰা খণ্ডিত হৈ অসমৰ নৱদ্বীপ ৰূপে অভিহিত প্ৰজ্ঞানগৰী নলবাৰীয়ে ১৯৮৫ চনৰ ১৪ আগষ্টত তাৰিখে অসমৰ এখন সুকীয়া পূৰ্ণাংগ জিলাৰ স্বীকৃতি লাভ কৰিছিল । ৩৭ বছৰ অতিক্ৰম কৰা নলবাৰী জিলাৰ গৌৰৱ গাঁথাৰ ৰোমন্থন আৰু ভৱিষ্যত বিকাশ বিস্তাৰৰ পৰিকাঠামো ৰচনাৰ প্ৰয়সেৰে অহা ১২, ১৩ আৰু ১৪ আগষ্টত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী জিলা দিৱস উদযাপনৰ কৰা হ’ব (Nalbari Zila Divas Preparations)।

তুংগত উঠিছে নলবাৰী জিলা দিৱসৰ প্ৰস্তুতি

অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি, নলবাৰী জিলা প্ৰশাসনৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে নলবাৰী জিলা দিৱস ২০২২ উদযাপন কৰা হ’ব ৷ যাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে । নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলাখনৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আদি সকলোতে এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে আলোকসজ্জাৰে উদ্ভাসিত কৰি তুলিবলৈ জিলা প্ৰশাসনৰ পৰা আহ্বান জনাইছে সমূহ নলবাৰীবাসীক ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অহা ১২, ১৩ আৰু ১৪ আগষ্ট তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে জিলা প্ৰশাসনৰ উদ্যোগত পালিত হ’ব লগা নলবাৰী জিলা দিৱসক লৈ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৷ ইতিমধ্যে বিশাল ৰভাঘৰ নিৰ্মাণৰ কাম চলি থকা হৈছে ।

আনহাতে, উক্ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰবাসী নলবৰীয়াৰ ৰসাল কথা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ।

লগতে পঢ়ক : Commonwealth Games 2022 : বেডমিন্টনত স্বৰ্ণ অৰ্জন পি ভি সিন্ধুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.