নলবাৰী, ৩০ আগষ্ট: নলবাৰীত বুধবাৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নলবাৰী বিধানসভা সমষ্টি যুৱ কংগ্রেছ ৷ চৰকাৰৰ বুৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি নলবাৰী চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷ বিজেপি চৰকাৰে চাকৰিৰ ক’লা বজাৰ চলোৱাৰ অভিযোগ কৰি "বিজেপি অফিচত বহিছে চাকৰিৰ বজাৰ", "টকাৰ উঠিছে জোৱাৰ", "ভক্তগণে গঢ়িছে টকাৰ পাহাৰ", "তথাপি নাই মামাৰ কাণষাৰ" মূলক বেনাৰ লৈ নলবাৰী ৰাজপথ কঁপাই তোলে নলবাৰী যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে ।
প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছ সদস্যই চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি কয়, বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাই বিজেপি চৰকাৰৰ শূণ্য সহনশীল নীতিক উদঙাই তুলিছে ৷ ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাচতে বহু বিজেপি নেতা-পালিনেতাৰ নাম চাকৰি বজাৰত সাঙোৰ খাইছে আৰু পোহৰলৈ আহিছে বহু বিজেপিৰ নেতা পালিনেতাই ধন সংগ্ৰহৰ তথ্য । চাকৰিৰ বজাৰ বঢ়াই আৰক্ষীৰ হাতত আটক হোৱা বহু নেতা-পালিনেতা নলবাৰীৰে । বিজেপিৰ বিভিন্ন মৰ্চাৰ সভাপতিৰো নাম আছে এইসকলৰ লোকৰ তালিকাত ৷
কিন্তু এই ক্ষেত্রত বৰ্তমানলৈ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ উপৰিও নিমাতী কন্যা হৈ ইচ্যু সলনি কৰাৰো অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এইক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছ সদস্যসকলে ৷ যাৰ বাবে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমে আজি সমগ্ৰ অসমৰ জিলা সমষ্টিসমূহত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনাইছিল ৷ সভাপতি জুবেইৰ আনমৰ এই আহ্বানৰ সঁহাৰি জনাই আজি নলবাৰী জিলা যুৱ কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক: Tollgate in Assam: অসমত পুনৰ টোলগেট আৰম্ভ কৰিলে তীব্ৰ প্ৰতিবাদ হ’ব; শংকৰজ্যোতি বৰুৱা