ETV Bharat / state

নলবাৰীত খহিল কাঠৰ দলং; যাতায়ত ব্যাহত - nalbari-wooden-bridge

পাটাছাৰকুছি সমষ্টিৰ বালাট্টাৰী-বৈৰাগী সংযোগী কালদিয়া নৈৰ কাঠৰ দলং শুকুৰবাৰে খহি পৰাত সমস্যাৰ সন্মুখীন প্ৰায় কেবাখনো গাঁৱৰ লোক ৷ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে উক্ত দলংখন শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ।

নলবাৰীত খহিল কাঠৰ দলং; যাতায়ত ব্যাহত
author img

By

Published : Jul 20, 2019, 7:10 PM IST

নলবাৰী,20জুলাইঃ বছৰ বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত পাটাছাৰকুছি সমষ্টিৰ বৈৰাগী আৰু বালাট্টাৰীৰ মাজত কালদিয়া নৈৰ ওপৰত থকা কাঠৰ দলংখন ভাঙি পৰাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কেবাখনো গাঁৱৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । কালদিয়া নৈৰ বাঢ়নী পানীয়ে দলংখন ভাঙি পেলোৱাত এতিয়া ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি আহিছিল এই কাঠৰ দলংখন ৷ কিন্তু সম্পূৰ্ণ ৰূপে পচি যোৱা কাঠৰ দলংখন শুকুৰবাৰে আবেলি হঠাৎ পানীত খহি পৰে ৷ ফলত পূব পাৰৰ কেবাখনো গাঁৱৰ যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰিছে ৷ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে উক্ত দলংখন শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ।

Intro:
# পাটাছাৰকুছি সমষ্টিৰ বালাট্টাৰী - বৈৰাগী সংযোগী কালদিয়া নৈৰ কাঠৰ দলং ভাঙিলBody:বছৰ বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত পাটাছাৰকুছি সমষ্টিৰ বৈৰাগী আৰু বালাট্টাৰীৰ মাজত কালদিয়া নৈৰ ওপৰত থকা কাঠৰ দলংখন ভাঙি পৰাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কেবাখনো গাঁওৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল । কালদিয়া নদীৰ বাঢ়নী পানীয়ে দলং খন ভাঙি পেলোৱাত এতিয়া ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি আহিছিল এইখন কাঠৰ দলং ৷ ৰাইজে মেৰামতি কৰি বাঁহ কাঠ জাপি কোনো মতে যাতায়ত কৰিছিল যদিও তলৰ ফালৰ পৰা সম্পূৰ্ণ পচি সৰি যোৱা কাঠৰ দলংখন শুক্ৰবাৰে আবেলি হঠাৎ পানীত খহি পৰে ৷ ফলত পূব পাৰত থকা বৈৰাগী , বৰ বৈৰাগী , সাহান , কনিমাৰা , টিহু , আৰু পশ্চিম পাৰে বালাট্টাৰী আদিকে ধৰি কেইবাখনো গাঁওৰ যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰিছে ৷ ৰাইজে উক্ত দলংখন শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ।

বাইট : স্থানীয় মহিলাConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.