ETV Bharat / state

VKV Student fight: কনিষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত জ্যেষ্ঠ ছাত্র - মাৰপিটৰ ঘটনা

বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত কাজিয়াৰ ভয়ংকৰ পৰিণতি ৷ পৰীক্ষাহলতে কনিষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত হ’ল এজন জ্যেষ্ঠ ছাত্ৰৰ(VKV Student fight) ।

Nalbari Vivekananda Kendriya Vidyalaya Student Fight
কনিষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত জ্যেষ্ঠ ছাত্র
author img

By

Published : Mar 4, 2023, 11:02 PM IST

কনিষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত জ্যেষ্ঠ ছাত্র

নলবাৰী, ৪ মাৰ্চ: নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত (Nalbari Vivekananda Kendriya Vidyalaya)অঘটন সংঘটিত হৈছে ৷ এগৰাকী কনিষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত হ’ল একে বিদ্যালয়ৰে এজন জ্যেষ্ঠ ছাত্ৰ (VKV Student fight) । বিতৰ্কৰ পিচত বিতৰ্কই লগ নেৰা হৈছে নলবাৰীস্থিত বালিকৰিয়াস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত (Tense situation for Student Fight)৷

বৰ্তমান সময়ত বিদ্যালয়খনত চলি আছে পৰীক্ষা ৷ কিন্তু পৰীক্ষাৰ মাজতে কোনো কথাকলৈ একেটা কোঠাতে দুজন ছাত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ তাৰ পিচত সপ্তমামান শ্ৰেণীৰ ছাত্ৰজনৰ হাতত শাৰীৰিকভাৱে প্ৰহৃত হোৱাৰ অভিযোগ উত্থাপন কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ৷

আনহাতে ভুক্তোভোগী পিতৃৰ অভিযোগ অনুসৰি বিদ্যালয়খনত পৰীক্ষা আৰম্ভ নৌহওঁতেই দুয়োজন ছাত্ৰৰ মাজত মাৰপিটৰ ঘটনা হৈছিল ৷ তাৰ পিচতে কনিষ্ঠ ছাত্ৰগৰাকীৰ ঠেলাত বেৰত লাগি মূৰত ৰক্তক্ষৰণ হয় জ্যেষ্ঠ ছাত্ৰজনৰ ৷ কিন্তু বিদ্যালয় কৰ্তৃপক্ষই আহত ছাত্ৰজনক বিদ্যালয়ৰ ভিতৰতে প্ৰাথমিক চিকিৎসা কৰি ঘৰৰ পৰিয়ালক নজনোৱাকৈ ঘৰলৈ পঠিয়াই দিয়ে ৷ আহত ছাত্ৰজন ঘৰত গৈ পোৱাৰ পিচতে মাতৃয়ে ছাত্ৰজনৰ ছাৰ্টত তেজ দেখি মূৰত ফটাৰ চিন পৰিলক্ষিত কৰে ৷ লগে লগে ছাত্ৰজনৰ পিতৃক ঘটনা অৱগত কৰে আহত ছাত্ৰজনে ৷

এই ঘটনা পৰিয়ালৰ লোকক নজনোৱা দেখি খঙত অগ্নিশৰ্মা হৈ আহত ছাত্ৰজনৰ পিতৃয়ে পুত্ৰক লগত লৈ বিদ্যালয়ত উপস্থিত হৈ বিদ্যালৰ অধ্যক্ষৰ লগত কথা পাতে ৷ বিদ্যাল কৰ্তৃপক্ষই নিজৰ দোষ স্বীকাৰ কৰি পৰিয়ালৰ লোকক এই ঘটনাৰ কথা অৱগত কৰিব লাগিছিল বুলি জানিবলৈ দিয়ে ৷

ইফালে বিদ্যালয়খনৰ অধ্যক্ষই এই কথা সংবাদমাধ্যমত প্ৰকাশ হলে আহত ছাত্ৰজনক বিদ্যালয়ৰ পৰা উলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰে বুলি ছাত্ৰজনে অভিযোগ উত্থাপন কৰে ৷

আনহাতে প্ৰহৃত কৰা ছাত্রগৰাকীৰ ভাষ্য অনুসৰি বিদ্যালয়ৰ শ্ৰেণী কোঠাতে আহত ছাত্ৰজনৰ প্ৰশ্নকাকতখন চাবলৈ লোৱাত জ্যেষ্ঠ ছাত্ৰজনে কনিষ্ঠ ছাত্ৰগৰাকীক পানী বটলেৰে পানী চটিয়াই দিয়া বুলি অভিযোগ কৰে । তাৰ পিছতে কনিষ্ঠ ছাত্ৰজনে জ্যেষ্ঠ ছাত্ৰজনক গতিয়াই দিয়াত বেৰত খুন্দা খাই ছাত্ৰজনে । আহত ছাত্ৰজনে কঁপালত সাধাৰণভাৱে জখম হোৱা বুলি ব্যক্ত কৰে অভিযোগ উত্থাপিত হোৱা ছাত্রজনে ৷ সম্প্ৰতি দুয়োটা পৰিয়ালে বিদ্যালয়খনত উপস্থিত হৈ ঘটনাৰ বুজ লয় ।

লগতে পঢ়ক: Book distribution program: মেট্ৰিকৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বাতৰিয়ে মোক হহুৱালে- শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.