ETV Bharat / state

Ghagrapar incident: ঘগ্ৰাপাৰকাণ্ডৰ ভুক্তভোগীক ন্যায় প্ৰদানৰ আশ্বাস এছ পি সুধাকৰ সিঙৰ

ঘগ্ৰাপাৰ আৰক্ষীৰ ভয়ংকৰ কাণ্ডৰ পিচত নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সম্বোধন কৰিলে এই সংবাদ মেল । ভুক্তভোগীক ন্যায় প্ৰদানৰ আশ্বাস ৷

victim of Ghagrapar incident
Nalbari SP Sudhakar Singh
author img

By

Published : Jun 29, 2023, 4:56 PM IST

এছ পি সুধাকৰ সিঙৰ সংবাদ মেল

নলবাৰী, ২৯ জুন: নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে উত্থাপিত হৈছে থানাৰ ভিতৰতে এগৰাকী কিশোৰীৰ নগ্ন ফটো তোলাৰ চাঞ্চল্যকৰ অভিযোগ ৷ এই সন্দৰ্ভত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে বৃহস্পতিবাৰে বিয়লি সম্বোধন কৰে এখন সংবাদমেল । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটৰ পিচতে গা লৰিছে নলবাৰী আৰক্ষীৰ ।

ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰাই ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক সমগ্ৰ তদন্ত প্ৰক্ৰিয়া অৰ্পন কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে । ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মাত্ৰ এদিনৰ ভিতৰতে তদন্ত প্ৰক্ৰিয়া দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে নলবাৰী আৰক্ষী ।

২১ জুন তাৰিখৰ পৰা আজিলৈ কিয় ঘটনাটো অন্ধকাৰত আছিল তাক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ । সম্প্ৰতি নলবাৰীৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি সেইদিনাৰ থানাত কি ঘটিছিল জানিবৰ বাবে অভিজ্ঞ দলৰ দ্বাৰা চিচিটিভি ভিজুৱেল পৰীক্ষা কৰি থকা হৈছে । ঘটনা সন্দৰ্ভত আদালতক আবেদন জনোৱা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । আদালতে তাৰিখ ঘোষণা কৰিলে সকলো বিষয়াকে কোৰ্টত থিয় কৰোৱা হ’ব বুলি কয় সুধাকৰ সিঙে ।

লগতে পঢ়ক: Ghograpar Police station incident : উপ পৰিদৰ্শকে কলংকিত কৰিলে ঘগ্ৰাপাৰ থানাক !

আনহাতে কিশোৰীগৰাকীক কোনো অভিভাৱক বিহীনভাৱে গোটেই নিশা থানাত ৰখাৰ উপৰিও স্বাস্থ্য পৰীক্ষা নকৰোৱাটো ভুল হৈছে বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে । কিশোৰীগৰাকীয়ে প্ৰদান কৰা এজাহাৰত কোনো বিষয়া কিম্বা আৰক্ষীৰ নাম নিদিয়াৰ বাবে এতিয়ালৈকে কাকো নিলম্বিত কৰা হোৱা নাই বুলিও কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ।

গতিকে সমগ্ৰ ঘটনা তীব্ৰ গতিত তদন্ত কৰি দোষীক উচিত শাস্তি বিহাৰ লগতে থানাখনৰ মহিলা বিষয়াকো সোধা পোছা কৰা হ’ব বুলি কয় নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে । সমগ্ৰ ঘটনা সম্পৰ্কত চি ডব্লিউ চিৰ তত্বাৱধানত থাকি গোচৰ দাখিল কৰিছিল বুলি কয় সুধাকৰ সিঙে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.