নলবাৰী, ২ ফেব্ৰুৱাৰী : ২৭ জানুৱাৰীত আছু কৰ্মীক প্ৰহাৰ কৰাৰ প্ৰতিবাদত উত্তাল নলবাৰী । মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী জিলা ছাত্র সন্থাই । লগতে অসম চৰকাৰ হায় হায় শ্ল'গানৰে নলবাৰী চহৰৰ পি এন চি ৰোড উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
ইপিনে তিনিচুকীয়াত আছুৰ পতাকা ভৰিৰে মোহৰা বিজেপি কৰ্মীক অতি শীঘ্ৰেই আটক কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে