ETV Bharat / state

নলবাৰীত নিশা গুলিবিদ্ধ ডকাইতৰ দল - নলবাৰীত ডকাইতৰ দল গুলিবিদ্ধ

বৃহস্পতিবাৰে নিশা হাজোৰ দিশৰ পৰা নলবাৰী অভিমুখে পাঁচজনীয়া ডকাইতৰ এটা দল আহি থকা সময়তে নলবাৰী আৰক্ষীৰে মুখামুখী হয় । আৰক্ষীলৈ লক্ষ্য কৰি দলটোৱে গুলিচালনা কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলিচলনা কৰে ৷

As_nlb_police-encounter-3-dacoit-arrest_vis_AS10004
নলবাৰীত নিশা গুলিবিদ্ধ ডকাইতৰ দল
author img

By

Published : Jun 4, 2021, 10:21 AM IST

নলবাৰী, 4 জুন : নলবাৰীত নিশা ডকাইতৰ দলেৰে আৰক্ষীৰ সংঘৰ্ষ ৷ আৰক্ষীৰ গুলীত আহত ডকাইত ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় 1.30 বজাত নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৱে যুটীয় অভিযান চলায় ৷ অভিযানত হাজো-নলবাৰী ৰোডৰ মুগকুছি চ’কত আৰক্ষীৰ সৈতে ডকাইত দলৰ মুখামুখি সংঘৰ্ষ হয় ।

নিশা হাজোৰ দিশৰ পৰা নলবাৰী অভিমুখে পাঁচজনীয়া ডকাইতৰ দলটো আহি থকা সময়তে আৰক্ষীৰে মুখামুখী হয় । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পূৰ্বৰ পৰাই উক্ত স্থানত ৰৈ আছিল আৰক্ষীৰ দল । ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলিয়াবলৈ আৰম্ভ কৰে । লগে লগেই আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে ।

নলবাৰীত নিশা গুলিবিদ্ধ ডকাইতৰ দল

আৰক্ষীৰ গুলিত কুখ্যাত গৰু চোৰ, ড্ৰাগছ মফিয়া, এ টি এম চোৰ, ডকাইত আবু বক্কৰ ছিদ্দিক ওৰফে বক্কৰ বিজু আহমেদ আৰু ৰুবুল হুছেইন গুলীবিদ্ধ হয় । আৰক্ষীয়ে গুলীবিদ্ধ তিনিওগৰাকীকে কৰায়ত্ত কৰে লগতে AS01BF6693 নম্বৰৰ বিলাসী বাহন জাইলো এখন জব্দ কৰে ৷ অৱশেষত তিনি দুধৰ্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় নলবাৰী আৰক্ষীয়ে । অবশ্যে ডকাইতৰ দলৰ দুজন পলাই সাৰিবলৈ সক্ষম হয় ৷

সম্প্ৰতি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আহত তিনিজন দূধৰ্ষ ডকাইতক চিকিৎসাধীন কৰা হৈছে ৷ শেহতীয়াকৈ বিগত প্ৰায় ছয় মাহে নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰনি হৈ পৰা কুখ্যাত ডকাইত আবু বক্কৰ ছিদ্দিকক অৱশেষত নিশা নলবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ইপিনে ঘটনাস্থলিৰ পৰা এটা পিষ্টলো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- এখন বাঁহৰ দলং আৰু বিধায়ক চক্ৰধৰ গগৈৰ 5 হাজাৰ টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.