ETV Bharat / state

নলবাৰীত মেডিকেল কলেজৰ নিৰ্মাণকাৰ্যৰ বুজ ল'লে জয়ন্ত মল্ল বৰুৱাই

পূৰ্ণ গতিত চলিছে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণকাৰ্য । সোমবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । চলিত বছৰতে চিকিৎসালয়খনত বৰ্হিঃ বিভাগৰ সেৱা আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

author img

By

Published : Jun 1, 2021, 3:58 PM IST

JAYANTA MALLA BARUAH IS AT NALBARI MEDICAL COLLEGE SITE
নলবাৰীত মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে জয়ন্ত মল্ল বৰুৱাই

নলবাৰী, ১ জুন: সোমবাৰে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । নিৰ্মাণকাৰী সংস্থাৰ বিষয়া তথা জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয় স্থানীয় বিধায়কগৰাকী ৷ চলিত বৰ্ষতে চিকিৎসালয়খনৰ বৰ্হিঃ বিভাগৰ সেৱা আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

আনহাতে, আগন্তুক ২০২২ আৰু ২০২৩ বৰ্ষৰ ভিতৰত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাম সম্পূৰ্ণ হ'ব আৰু ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ।

ইফালে, সোমবাৰে বিয়লিৰ ভাগত বিধায়কগৰাকী উপস্থিত হৈ আগন্তুক দিনত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত হ'ব পৰা বিভিন্ন সমস্যা সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ বাৰিষা যাতে কৃষিভূমিৰ পানীয়ে মেডিকেল হাস্পতালখনত কোনো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি দিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক: Asian Boxing Championship: বঞ্জৰ পদক লাভ লাভলীনা বৰগোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.