ETV Bharat / state

লক্ ডাউনে বিপন্ন কৰিলে কূটীৰ শিল্পীৰ জীৱন - Nalbari kutir hilpi in trouble due to Lockdown

লক ডাউনৰ ফলত প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী সমূহ বজাৰত মুকলি কৰি দিব পৰা নাই কুটীৰ শিল্পী সকলে ৷

Nalbari kutir hilpi in trouble due to Lockdown
নলবাৰীত কূটীৰ শিল্পীৰ হাহাকাৰ অৱস্থা ! কিন্তু কিয়?
author img

By

Published : Aug 11, 2020, 10:42 PM IST

নলবাৰী,11 আগষ্ট: নলবাৰী জিলাৰ জানিগোগ নামৰ এখন বিশেষ গাঁও ৷ কুটীৰ শিল্পৰ লগত জড়িত হৈ জীৱিকাৰ বাট মোকলাই আহিছে গাঁওখনৰ প্ৰায় সংখ্যক পৰিয়ালে ৷ বাঁহ, বেতৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি দেশ তথা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে গাঁওখনৰ লোক সকলে ৷ কিন্তু এতিয়া বিপদত পৰিছে কুটিৰ শিল্পৰ লগত জড়িত নলবাৰী জিলাৰ জানিগোগ নামৰ এই বিশেষ গাঁওখন ৷ কাৰণ লক ডাউনৰ বাবে প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী সমুহ বজাৰত মুকলি কৰি দিব পৰা নাই কুটীৰশিল্পী সকলে ৷

নলবাৰীত কূটীৰ শিল্পীৰ হাহাকাৰ অৱস্থা ! কিন্তু কিয়?

ইফালে কোনো ধৰণৰ চৰকাৰী সাহাৰ্য অবিহনেই এই বৃত্তিটোক ধৰি ৰাখি শিল্প কলাক চহকী কৰি আহিছে শিল্পী সকলে ৷ আনকি লক ডাউনৰ সময়ছোৱাত চৰকাৰ তথা জনপ্ৰতিনিধিৰ পৰা কোনোধৰণৰ সহায় নোপোৱাৰ কথা উল্লেখ কৰি ক্ষোভ উজাৰিলে শিল্পী সকলে ৷ উল্লখনীয় যে, জানিগোগৰ প্ৰতিটো চুবুৰীৰ প্ৰতিঘৰেই জড়িত এই শিল্পৰ লগত । আনকি পুৰুষ মহিলাকে ধৰি জীয়ৰী-বোৱাৰীও জড়িত এই শিল্পৰ লগত ।

লগতে পঢ়কঃ চৰম অৰ্থ সংকটত গুৰুজনাই স্থাপন কৰা শ্ৰী শ্ৰী ৰামৰাইকুঠী সত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.