ETV Bharat / state

আৰোগ্য নিধিলৈ এক লাখ টকাৰ অনুদান নলবাৰী হৰিমন্দিৰৰ - Nalbari Harimandir donate 1 lakh rupee to Arogya Nidhi Assam

অসম চৰকাৰৰ অধীনৰ আৰোগ্য নিধিলৈ নলবাৰী হৰিমন্দিৰৰ তৰফৰ পৰা আগবঢ়োৱা হয় এক লাখ টকাৰ আৰ্থিক অনুদান ৷

Nalbari Harimandir donate 1 lakh rupee to Arogya Nidhi Assam
আৰোগ্য নিধিলৈ এক লাখ টকাৰ অনুদান নলবাৰী হৰিমন্দিৰৰ
author img

By

Published : Apr 2, 2020, 6:30 PM IST

নলবাৰী, 2 এপ্ৰিল: সমগ্ৰ বিশ্ব এতিয়া কম্পিত মহামাৰী ক'ৰণা ভাইৰাছ অৰ্থাৎ COVID-19 ৰ ত্ৰাসত ৷ আমেৰিকা,ইটালীকে আদি কৰি বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশে এই ভাইৰাছৰ সন্মুখত শিৰ নত কৰাৰ সময়তে ভাৰতটো প্ৰতিদিনেই বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ অসমতো 48 ঘন্টাত এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে 16 গৰাকীলৈ ৷ শেহতীয়াকৈ দেখা গৈছে যে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ক'ৰণা ভাইৰাছৰ সতে মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ অধীনৰ আৰোগ্য নিধিলৈ অনুদান আগবঢ়াইছে ৰাজ্যৰ বহু অনুষ্ঠান, প্ৰতিষ্ঠান তথা ব্যক্তিয়ে ৷ নলবাৰী হৰিমন্দিৰৰ তৰফৰ পৰাও বৃহস্পতিবাৰে চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়োৱা হয় এক লাখ টকাৰ আৰ্থিক অনুদান ৷

আৰোগ্য নিধিলৈ এক লাখ টকাৰ অনুদান নলবাৰী হৰিমন্দিৰৰ

উল্লেখ্য যে, নলবাৰী হৰিমন্দিৰৰ 27 জনীয়া কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে ষ্টেট বেংকৰ জৰিয়তে চৰকাৰলৈ আগবঢ়োৱা হয় এই ধনৰাশি ৷ ৰাজ্যৰ এই ভয়ংকৰ বিপদৰ সময়ত নলবাৰী হৰিমন্দিৰে লোৱা এই পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে ৷

লগতে পঢ়কঃ অসম আৰোগ্য নিধিলৈ বৰপেটা সত্ৰৰ অনুদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.