নলবাৰী,16 অক্টোবৰ: ইউটিউব ভিডিঅ’ চাই ছাগলী পালনৰে স্বাৱলম্বী নলবাৰীৰ বৰআগ্ৰা গাঁৱৰ উচ্চ শিক্ষিত উৎপল কলিতা ৷ যিটো সময়ত একাংশ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে,তেনে সময়তে নলবাৰীৰ এইজন লোকজনে ইউটিউবত ভিডিঅ’ চাই ছাগলী পালনৰ প্ৰতি আকৃষ্ট হয় আৰু নিজ ঘৰতে ছাগলী পালন কৰা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে,লোকজনে গুৱাহাটীত এক ব্যক্তিগত কাম কৰিছিল যদিও বিভিন্ন সমস্যা হোৱাত নিজেই স্বাৱলম্বী হোৱাৰ সপোন ৰচি সামাজিক মাধ্যমৰ সৈতে জড়িত হৈ বহিঃৰাজ্যৰ পঞ্জাৱ,ৰাজস্থান,হুনুমান গজলৈ গৈ ছাগলী পালনৰ প্ৰশিক্ষণৰে বৰ্তমান এগৰাকী প্ৰতিষ্ঠিত ছাগলী পালক হৈ পৰিছে উৎপল কলিতা । বৰ্তমান ছাগলী পালক উৎপলৰ ফাৰ্মখনত তিনি প্ৰজাতিৰ ছাগলী উপলব্ধ । আনহাতে ফাৰ্মখনত 40 টাতকৈও অধিক ছাগলী থকা বুলি তেওঁ জানিবলৈ দিয়ে ।