ETV Bharat / state

নলবাৰীত মীনপালকৰ সফলতা - শ্ৰেষ্ঠ মীনপালকৰ বঁটা

১০ টা পুখুৰীৰে ৩২ বিঘা মাটিকালিৰ এই মীনপালক গৰাকীয়ে প্ৰতিদিনে ২/৩ কুইন্টল পোনা বিক্ৰী কৰি আহিছে। মীন ব্যৱসায়ীৰে লগতে গাহৰি বিক্ৰীৰ জৰিয়তে বছৰি ৪০/৫০ লাখ টকা বছৰি উপাৰ্জন কৰি এই গৰাকীপালক বৰ্তমান সময়ত নিবনুৱা সমস্যাই কোঙা কৰা সমাজত এক উৎকৃষ্ট নিদৰ্শন ।

Nalbari Fish farmer Sambhu barman
নলবাৰীত মীনপালকৰ সফলতা
author img

By

Published : Jul 4, 2020, 2:18 PM IST

নলবাৰী, 4 জুলাইঃ ২০১৮ বৰ্ষত মন্ত্ৰী অতুল বৰাই শ্ৰেষ্ঠ মীনপালকৰ বঁটা প্ৰদান কৰিছিল নলবাৰীৰ গুৱাকুছি গাঁৱৰ সম্ভু বৰ্মন নামৰ এজন লোকক । ১৭ বছৰে মীন পালনৰ লগত জড়িত হৈ আছে এইগৰাকী মীনপালক। নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ উপৰিও বয়ন(textile) শিল্পৰ ডিপ্লমাধাৰী এইগৰাকী মীনপালকে চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় অতিবাহিত নকৰি মীন পালনৰে স্বাৱলম্বী হৈ নিজৰ লগতে আন চাৰিজনক সংস্থাপন দিৱলৈ সক্ষম হৈছে । ১০ টা পুখুৰীৰে ৩২ বিঘা মাটিকালিৰ এই মীনপালক গৰাকীয়ে প্ৰতিদিনে ২/৩ কুইন্টল পোনা বিক্ৰী কৰি আহিছে।

নলবাৰীত মীনপালকৰ সফলতা

লগতে পঢ়কঃ ধেমাজি দুৰ্ঘটনাত সন্ধানহীন চালকৰ মৃতদেহ উদ্ধাৰ

ইয়াৰ উপৰিও পুখুৰীৰ পাৰত গাহৰি পালন কৰিও লাভাম্বিত হৈছে সম্ভু বৰ্মন । বৰ্তমান মীন ফাৰ্মখনত ১০০ তকৈ অধিক গাহৰি আছে বুলি জানিবলৈ দিছে সম্ভু বৰ্মনে। উল্লেখযোগ্য যে কোনো ধৰণৰ চৰকাৰী সহাৰ্য্য নোপোৱাকৈ ১৭ বছৰে এইদৰেই মীন পালন কৰি আহিছে লোকজনে। কিন্তু বৰ্তমান সময়ত কৰ'ণা ভাইৰাছৰ বাবে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হবলগীয়া গাহৰি পালকসকলে ৷ কাৰণ অসমত কোনো এখন নিৰ্ধাৰিত বজাৰত নাই । সেয়েহে গাহৰি বিক্ৰীৰ বাবে এখন বজাৰৰ কথাও উল্লেখ কৰে মীন পালকগৰাকীয়ে।

মীন ব্যৱসায়ীৰে লগতে গাহৰি বিক্ৰীৰ জৰিয়তে বছৰি ৪০/৫০ লাখ টকা বছৰি উপাৰ্জন কৰি এই গৰাকীপালক বৰ্তমান সময়ত নিবনুৱা সমস্যাই কোঙা কৰা সমাজত এক উৎকৃষ্ট নিদৰ্শন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.