নলবাৰী, ১৪ আগষ্ট: দেওবাৰে নলবাৰী জিলা দিৱস (Nalbari District Day) উপলক্ষে এক বৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয় ৷ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে নলবাৰী জিলা প্ৰশাসনে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা নলবাৰী জিলা দিৱসৰ আজি অন্তিমটো দিন (Gordon Higher Secondary School) ।
অন্তিম দিনাৰ প্ৰথম কাৰ্যসূচী অনুসৰি গৰ্ডন খেলপথাৰৰ পৰা নলবাৰী চহৰৰ মাজেৰে আয়োজন কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা (Cultural rally in Nalbari) । জিলা উপায়ুক্ত গীতিমণি ফুকনে উদ্বোধন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা (Minister Jayanta Malla Baruah), বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই ।
লোকজীৱনৰ বিভিন্ন আচাৰ সংস্কৃতিক প্ৰতিভাত কৰা এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত নলবাৰী জিলাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ১৯৮৫ চনৰ আজিৰ দিনটোতেই কামৰূপ জিলাৰ পৰা খণ্ডিত হৈ নলবাৰীক এখন পূৰ্ণাঙ্গ জিলা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল । নলবাৰী জিলাই আজি অৰ্থাৎ 14 আগষ্টত ৩৭ টা বৰ্ষত ভৰি দিয়ে ।
লগতে পঢ়ক: বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়ালৈ ৰাষ্ট্ৰপতি সন্মান