ETV Bharat / state

নলবাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 7, 2021, 12:54 PM IST

নলবাৰী জিলাৰ বৰাজোল পাংলাদিত আব্বাচ আলী নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ বৰ্তমানলৈকে যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছে ৷

নলবাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ
নলবাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰী,7 জুন: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধমধমা আৰু ৰঙিয়া সংযোগী পথৰ বৰাজোল পাংলাদিত উদ্ধাৰ ৩২ বছৰীয়া এজন যুৱকৰ মৃতদেহ ৷ যুৱকজন বৰাজোল গাঁৱৰ চৰপাত আলীৰ কনিষ্ঠ পুত্ৰ আব্বাচ আলী বুলি চিনাক্ত কৰা হৈছে ৷

দেওবাৰে নিশা নেৰানেপেৰা বৰষুণৰ ফলত ৰঙিয়াৰ পৰা নিজ ঘৰ অভিমুখে আহি থকা অৱস্থাত নম্বৰবিহীন পালচাৰ বাইক এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । মৃতদেহৰ ওচৰত যুৱকজনৰ বাইকখন পৰি থকাৰ লগতে মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ যাৰ বাবে এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে ৷

অন্য এক খবৰৰ বাবে: নলবাৰীৰ খেলুৱৈক সহায়ৰ হাত অধিবক্তা দিলীপ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.