ETV Bharat / state

নলবাৰীৰ কোভিড-১৯ চিকিৎসালয়ৰ বুজ ল'লে উপায়ুক্ত পূৰৱী কোৱঁৰে - ক'ভিড-১৯

নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোৱঁৰে অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য)অভিজিত সিনহা,সহকাৰী আয়ুক্ত শশী ভূষণ ৰাজকোৱঁৰ সমন্বিতে উপস্থিত হৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচু আৰু আন চিকিৎসকৰ সৈতে এক বৈঠকত মিলিত হয় ।

নলবাৰীৰ কোভিড-১৯ চিকিৎসালয়ৰ বুজ ল'লে উপায়ুক্ত পূৰৱী কোৱঁৰে

author img

By

Published : Jul 11, 2020, 8:22 PM IST

নলবাৰী, 11 জুলাইঃ সম্প্ৰতি নলবাৰী জিলা প্ৰশাসনে জিলাখনত ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰা আৰু কৰ'ণা ভাইৰাছ সংক্ৰমিত ৰোগীৰ চিকিৎসা সুবিধাৰ ক্ষেত্ৰত যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰিছে । এই সন্দৰ্ভত সা-সুবিধাৰ বুজ লোৱাৰ বাবে আজি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক ক'ভিড হাস্পতালত নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোৱঁৰে অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য)অভিজিত সিনহা,সহকাৰী আয়ুক্ত শশী ভূষণ ৰাজকোৱঁৰ সমন্বিতে উপস্থিত হৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচু আৰু আন চিকিৎসকৰ সৈতে এক বৈঠকত মিলিত হয় ।

হাস্পতালখনত বৰ্তমান ক'ভিড-১৯ ৰোগী বাঢ়ি থকাৰ পৰিপ্ৰেক্ষিতত শ্বহীদ মুকুন্দ কাকতি অসামৰিক ক'ভিড চিকিৎসালয় আৰু বেলশৰ মহাত্মা গান্ধী আদৰ্শ হাস্পতালত উপৰিও খাতিকুছি আদৰ্শ হাস্পতালো কৰ'ণা ভাইৰাছ আক্ৰান্ত ৰোগী ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সদ্যহতে খাতিকুছি আদৰ্শ হাস্পতালত ৪০খন বিচনা ক'ভিড-১৯ সংক্ৰমিত ৰোগীৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে । অৱশ্যে ক'ভিড-১৯ আক্ৰান্ত ৰোগীৰ বাবে এই হাস্পতালত প্ৰয়োজন সাপেক্ষে বিচনা আৰু বঢ়াব পৰা সুবিধা আছে ।
ইয়াৰ উপৰিও গোপাল বজাৰত থকা ৰেড ক্ৰচ চ'ছাইটিৰ হাস্পতাললৈ গৈ উপায়ুক্ত গৰাকীয়ে ইয়াত ব্যৱস্থা কৰা সা-সুবিধা পৰিদৰ্শন কৰে । বৰ্তমানে এই হাস্পতালখনত ২০খন বিচনা ক'ভিড-১৯ আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰি তোলা হৈছে। কৰ'ণা ভাইৰাছ আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা চিকিৎসক সকলক কোৱাৰেন্টাইন কেন্দ্ৰত ৰখাৰ ব্যৱস্থাৰ বিষয়েও বুজ লয় উপায়ুক্ত গৰাকীয়ে

লগতে চাওকঃ জম্মুৰ বান্দীপোৰ জিলাত বিজেপি নেতাৰ হত্যা সন্দৰ্ভত তালাচী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.