নলবাৰী, 23 আগষ্ট : নলবাৰীৰ কুখ্যাত ডকাইত তথা আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড আনোৱাৰ হুছেইনৰ(Anowar Hussain) আত্মসমৰ্পণ । সোমবাৰে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে আনোৱাৰে । এসময়ৰ অসম আৰক্ষীৰ(Assam Police) কনিষ্টবল আনোৱাৰ হুছেইন পৰৱৰ্তী কালত হৈ পৰে দুধৰ্ষ ডকাইত(Dacoit) ।
31 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক হাইজেকৰ মাষ্টাৰ মাইণ্ড আছিল এই কুখ্যাত ডকাইটো । ইয়াৰোপৰি, বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল আনোৱাৰ হুছেইন ৷ অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হিচাপে চিহ্নিত দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইন হৈ পৰিছিল আৰক্ষীৰ মুৰৰ কামোৰণি । আৰক্ষীৰ নিদ্ৰাহৰণ কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমত চলাইছিল সন্ত্ৰাস ।
লগতে পঢ়ক: নগাঁৱত পুনৰ ড্ৰাগছসহ আটক মহিলা
1996 চনত অসম আৰক্ষী(Assam Police)ত যোগদান কৰা আনোৱাৰ হুছেইনৰ ফটো প্ৰায়বোৰ থানাতে আঁৰি থোৱা আছে ৷ অৱশেষত নলবাৰীৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ ওচৰত আত্মসমৰ্পণ কৰে আনোৱাৰে ৷
উল্লেখ্য যে, নলবাৰী জিলাৰ সুৰাদিৰ নিৱাসী আনোৱাৰ হুছেইন অসম আৰক্ষীৰ কনিষ্টবল নলবাৰীৰ আব্দুল ৰৌফ আৰু আনোৱাৰৰ ভাতৃ তথা আৰক্ষী জোৱান ইনামুল হুছেইনে বুজনি দি আনোৱাৰ হুছেইনক আত্মসমৰ্পণ কৰোৱা বুলি জানিব পৰা গৈছে ৷ আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণত স্বস্তিৰ নিশ্বাস পেলাইছে নলবাৰী আৰক্ষীয়ে(Nalbari Police) ৷
লগতে পঢ়ক: চোৰৰ ঘাটি উচ্ছেদ কৰিমগঞ্জ আৰক্ষীৰ