ETV Bharat / state

নলবাৰীত সোমবাৰে 134 গৰাকী কৰ’ণাত আক্ৰান্ত

author img

By

Published : May 25, 2021, 6:59 AM IST

নলবাৰীত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 4,581 লৈ বৃদ্ধি ৷ সোমবাৰৰ দিনটোত নলবাৰী জিলাত 134 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷

নলবাৰীত সোমবাৰে 134 গৰাকী আক্ৰন্ত কৰ’ণাত

নলবাৰী,25 মে’: ৰাজ্যত হ্ৰাস হোৱা নাই কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাল কৰ’ণাৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী জিলা ৷ নলবাৰী স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, সোমবাৰৰ দিনটোত নলবাৰীত মুঠ ক’ভিড ৰোগীৰ সংখ্যা 4,581 গৰাকী ৷

সোমবাৰৰ দিনটোত নলবাৰীত ক’ভিডত আক্ৰান্ত হয় 134 গৰাকী লোক ৷ ইফালে জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে 2,336 গৰাকী ৷ ইয়াৰ ভিতৰত হোম আইচ’লেচনত আছে 2,027 গৰাকী, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ ম’ডেল হাস্পতালত 32 গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত আছে 34 গৰাকী, মহাত্মা গান্ধী ম’ডেল হাস্পতাল খাতিকুছিত 30 গৰাকী, সাৰথি হাস্পতালত 25 গৰাকী আৰু ম’ডেল হাস্পতালত 30 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷

নলবাৰীত সোমবাৰে 134 গৰাকী আক্ৰন্ত কৰ’ণাত
নলবাৰীত সোমবাৰে 134 গৰাকী কৰ’ণাত আক্ৰান্ত

আনহাতে, জিলা স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, 58 গৰাকী ক’ভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ, এম এম চি এইচ আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ সোমবাৰৰ দিনটোত নলবাৰী জিলাখনত সুস্থ হৈ উঠিছে 170 গৰাকী ক’ভিড ৰোগী ৷

লগতে পঢ়ক: ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.