নলবাৰী, ১৪ মে': কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাজ্যত হ্ৰাস পোৱা নাই সংক্ৰমণৰ হাৰ । ক্ৰমান্বয়ে পৰিস্থিতি জটিল হোৱাৰ দিশে গৈ আছে । নলবাৰী জিলাত ৩ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যাই । বৰ্তমান জিলাখনত ১৯৯০ গৰাকী ক'ভিডত আক্ৰান্ত ৰোগী আছে ।
![Nalbari Covid report](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-03-13may-covid-update-as10004_13052021191432_1305f_1620913472_458.jpg)
এতিয়ালৈকে নলবাৰীত ৩,০৫০ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । বৃহস্পতিবাৰে জিলাখনৰ ১৮২ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হয় । আনহাতে, জিলাখনত ১,৭৪১ গৰাকী লোক হোম আইচ'লেশ্যনত আছে ।
জিলা স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৯৬ গৰাকী, বেলশৰ আদৰ্শ চিকিৎসালয়ত ২৮ গৰাকী, মাখিবাহা আদৰ্শ চিকিৎসালয়ত ৩৬ গৰাকী আৰু খাটিকুছিৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ১৮ গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ।
ইয়াৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়লৈ ৭১ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷