ETV Bharat / state

CAA বাতিলৰ দাবীত নলবাৰীত জোঁৰ সমদল - সদৌ অসম ছাত্ৰ সন্থা

শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো CAA ৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত এক প্ৰতিবাদী জোঁৰ সমদল উলিওৱা হয় ৷

জোঁৰ সমদল
জোঁৰ সমদল
author img

By

Published : Feb 8, 2020, 9:09 PM IST

নলবাৰী, 8 ফেব্ৰুৱাৰীঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো একাংশ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে CAA বিৰোধী প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি সন্ধিয়া, জিলা ছাত্ৰ সন্থা আৰু জিলা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত, জোঁৰ সমদলেৰে আইনখন বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে প্ৰথমে নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত সমবেত হৈ বিভিন্ন CAA তথা চৰকাৰী বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ পিচতে পি এন চি পথেৰে এক জোঁৰ সমদল বাহিৰ কৰে প্ৰতিবাদকাৰীসকলে ৷

CAA বাতিলৰ দাবীত নলবাৰীত জোঁৰ সমদল

লগতে পঢ়ক ঃ CAA বাতিলৰ দাবীৰে যোৰহাটত বৃহৎ জোঁৰ সমদল

Intro:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত
নলবাৰীত আছু-যুৱ ছাত্ৰৰ জোৰ সমদল।

Body:নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত আজিও নলবাৰী চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়।সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি সন্ধিয়া জিলা ছাত্ৰ সন্থা আৰু জিলা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জোৰ সমদলেৰে আইনখন বাতিলৰ দাবী জনায়। প্ৰতিবাদ কাৰী সকলে শ্বহীদ ভৱন বাকৰিত সমবেত হৈ "কা" আমি নামানো, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, নৰেন্দ্ৰ মোদী হুচিয়াৰ, বিজেপি মুৰ্দাবাদ, জাতি আজি ৰাজপথত, সৰ্বা তোমাৰ লাজ নাই, কা বাতিল হ'ব লাগিবই আদি বিভিন্ন শ্লগান দি শ্বহীদ ভৱন বাকৰি উত্তাল কৰি তোলে। ইয়াৰ পিছত বিভিন্ন শ্লগান দি প্ৰতিবাদকাৰী সকলে জোৰ সমদল লৈ পি এন চি পথেৰে বাটা চ'ক হৈ
বড়ো মছজিদেৰে থানা চ'ক হৈ পুনৰ শ্বহীদ ভৱন বাকৰিত সমবেত হয়। পিছত প্ৰতিবাদস্থলীত অনুষ্ঠিত প্ৰতিবাদী সভাত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা, জিলা সভাপতি গুনজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয ডেকা, যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি মনোৰম কলিতা, সাধাৰণ সম্পাদক নিৰোদ দাসে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে ধাৰাবাহিক আন্দোলন চলাই যাব বুলি হুংকাৰ দিয়ে।Conclusion:বাইট গুণজ্যোতি পাঠক,সভাপতি নলবাৰী জিলা ছাত্র সন্থা।
কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.