ETV Bharat / state

বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন - nalbari-blood-camp

নলবাৰী জিলাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ ৷ উক্ত শিৱিৰত মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰে ৷

nalbari-blood-camp
বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
author img

By

Published : Jan 6, 2021, 7:49 PM IST

নলবাৰী, 6 জানুৱাৰী : নলবাৰী জিলাৰ মুকালমুৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত বুধবাৰে এক ৰক্তদান শিবিৰ সম্পন্ন হয় । জিলাখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান বৰক্ষেত্ৰী ৰক্তদান গ্রুপৰ উদ্যোগত তথা মহাবিদ্যালয় খনৰ শিক্ষক গোটৰ সহযোগত আয়োজন কৰা হয় এই ৰক্তদান শিবিৰ ।

nalbari-blood-camp
বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন

শিবিৰটো আৰম্ভ কৰাৰ পূৰ্বে মহাবিদ্যালয় খনত আয়োজন কৰা সভাখনত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত পুৰৱী কোঁৱৰ, মুকালমুৱা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া চক্ৰধৰ বৰ্মণ, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কণকণ শৰ্মা, মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী, বৰক্ষেত্ৰী ৰক্তদান গ্রুপৰ সম্পাদক জেহেৰুল ইছলাম, সভানেত্ৰী ছাহজানা বেগমকে ধৰি কেবাগৰাকী বিষয়ববীয়া আৰু মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি শেখ মোবাৰক হুছেইনক ধৰি শিক্ষক-শিক্ষয়িত্ৰীসকল । উক্ত সভাত ৰক্তদান সম্পৰ্কে কেতবোৰ আলোচনা আৰু সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় । এই ৰক্তদান শিবিৰত মহাবিদ্যালয় খনৰ শতাধিক ছাত্র ছাত্ৰীয়ে ৰক্তদান কৰে ।

উল্লেখ্য যে, স্বেচ্ছাসেৱী সংগঠন বৰক্ষেত্ৰী ৰক্তদান গ্ৰুপটিয়ে সমগ্ৰ ৰাজ্যতে ৰক্তদানৰ দৰে মহৎ কাৰ্যৰ উপৰিও বিভিন্ন সামাজিক কামত জড়িত হৈ আছে বুলি উল্লেখ কৰে ৰক্তদান গ্ৰুপৰ সভানেত্ৰী ছাহজানা বেগমে। ইতিমধ্যে বৰক্ষেত্ৰী ৰক্তদান গ্ৰুপে বিভিন্ন প্ৰান্তত কেবাটাও ৰক্তদান শিবিৰ আয়োজন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন চিকিৎসালয়, অনুষ্ঠান-প্ৰতিষ্ঠান তথা সহস্ৰাধিক ৰাইজৰ মাজত ৰক্তদান কৰি চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক: কৰ’ণাকালৰ পাছত অসমীয়া চিনেমাৰ ভৱিষ্যত কোন দিশে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.