ETV Bharat / state

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত পূজাৰ প্ৰস্তুতি - শাৰদীয় দূৰ্গোৎসৱৰ প্ৰস্তুতি

ৰাজ্যত বৰ্তমানে তীব্ৰ গতিত চলিছে শাৰদীয় দূৰ্গোৎসৱৰ প্ৰস্তুতি ৷ ইয়াৰ লগে লগেই নলবাৰীৰ ঐতিহ্যমণ্ডিত শৈৱ শক্তি পীঠ বিল্বেশ্বৰ দেৱালতো আৰম্ভ হৈছে দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ ৰজা নাগক্ষৰ দিনতে স্থাপিত হোৱা এই দেৱালয়খনৰ আছে গৌৰৱময় ইতিহাস ৷ দুইশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালৰ প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ ন-দিনীয়াকৈ চলে দূৰ্গা দেৱীৰ পূজা ৷  নৱৰাত্ৰিৰ ভিতৰত দেৱীক নটা ৰূপত পূজা কৰা হয় দেৱালয়খনত

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত পূজাৰ প্ৰস্তুতি
author img

By

Published : Sep 27, 2019, 11:07 PM IST

নলবাৰী, 29 ছেপ্টেম্বৰঃ ৰাজ্যত বৰ্তমানে তীব্ৰ গতিত চলিছে শাৰদীয় দূৰ্গোৎসৱৰ প্ৰস্তুতি ৷ ইয়াৰ লগে লগেই নলবাৰীৰ ঐতিহ্যমণ্ডিত শৈৱ শক্তি পীঠ বিল্বেশ্বৰ দেৱালয়তো আৰম্ভ হৈছে দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ ৰজা নাগক্ষৰ দিনতে স্থাপিত হোৱা এই দেৱালয়খনৰ আছে গৌৰৱময় ইতিহাস ৷ দুইশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালৰ প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ ন-দিনীয়াকৈ চলে দূৰ্গা দেৱীৰ পূজা ৷ নৱৰাত্ৰিৰ ভিতৰত দেৱীক নটা ৰূপত পূজা কৰা হয় দেৱালয়খনত ৷

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত পূজাৰ প্ৰস্তুতি
দূৰ্গাপূজাৰ প্ৰস্তুতিৰ বাবে দেৱালয় দুৰ্গা সমিতিয়ে এইবছৰি নিৰ্ধাৰণ কৰিছে 30 লাখ টকাৰ বাজেত ৷ আনহাতে,ষষ্ঠীৰ দিনা দেৱালয়ত বন্তি প্ৰজ্বলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে ৷ তিদিনে লাখ লাখ ভক্তৰ সমাগম হোৱা বিল্বেশ্বৰ দেৱালৰ দূৰ্গা পূজাৰ নৱমীৰ দিনা প্ৰায় ৬ লাখ ভক্ত হোৱাৰ সম্ভাৱনা কৰিছে উদ্যোক্তা সকলে ৷উল্লেখযোগ্য যে, নামনি অসমৰ অন্যতম শক্তিপীঠ হিচাপে চিহ্নিত বিল্বেশ্বৰ দেৱালত চলি আহিছে বলিপ্ৰথা ৷ এইবেলি দেৱীৰ চৰণত বলিৰ বাবে আগবঢ়োৱা ম’হৰ সংখ্য ৪০ টা বুলি জানিব পৰা গৈছে ৷ বেলশৰৰ দূৰ্গা পূজাত কোনো ধৰণৰ মূৰ্তিৰ বিপৰীতে ৰাম কলগছত দেৱী সজাই পূজা অৰ্চনা কৰা হয় ৷ ভক্তৰ নিৰাপত্তা আৰু কোনো কাৰণতে যাতে অসুবিধা নহয় তাৰ বাবে ইতিমধ্যে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে দেৱালয় সমিতিয়ে ৷

Intro:বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি।
২৯ চেপ্তেম্বৰৰ পৰা আৰম্ভ দূর্গাৰ পূজা অৰ্চনা।Body:ৰজা নাগক্ষৰ দিনতে স্থাপিত হোৱা নলবাৰীৰ ঐতিহ্যমণ্ডিত শৈৱ শক্তি পীঠ বিল্বেশ্বৰ দেৱালত চলিছে দূৰ্গা পূজাৰ প্ৰস্তুতি 30 লাখ টকা বাজেত নিৰ্ধাৰন কৰিছে বিল্বেশ্বৰ দেৱালয় দুৰ্গা সমিতিয়ে । ৷দুইশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালৰ প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ ন-দিনীয়াকৈ চলে দূৰ্গা দেৱীৰ পূজা৷দেৱীক নটা ৰূপত পূজা কৰা হয় নৱৰাত্ৰিৰ ভিতৰত৷সম্পূৰ্ণ বৈদিক প্ৰথাৰে বিল্বেশ্বৰ দেৱালত চলি আহিছে এই পূজা৷আনহাতে,ষষ্ঠীৰ দিনা দেৱালয়ত ৰাজ্যপাল জগদীশ মুখী উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰিব ৷ইফালে,অতি প্ৰাচীন এই দেৱালৰ চৌহদতে থকা দেৱান পুখুৰীটোৱেও সৌন্দৰ্য্য বহন কৰিছে৷নামনি অসমৰ অন্যতম শক্তিপীঠ হিচাপে চিহ্নিত বিল্বেশ্বৰ দেৱালত চলে বলি বিধান৷দেৱী দূৰ্গাক সন্তুষ্ট কৰিবলৈ নৱমী পূজাত বিশেষকৈ দেৱী চৰণত বলি আগবঢ়াই৷ইয়াৰ ভিতৰত ছাগলী,হাঁহ,কোমোৰাকে ধৰি প্ৰতিটো বলিৰ বস্তুৱে আগবঢ়াই৷বিশেষকৈ নৱমী পুজাত বিল্বেশ্বৰত চলে ম’হ বলি৷ভক্তই মনোবাঞ্ছা পূৰণ হোৱাৰ মানসৰে দেৱী চৰণত বছৰ বছৰ ধৰি আগবঢ়াই অহা ম’হ বলি প্ৰথা আজিও আছে৷এইবেলি ইতিমধ্যে দেৱীৰ চৰণত বলিৰ বাবে আগবঢ়োৱা ম’হৰ সংখ্য ৪০ টা বুলি জানিব পৰা গৈছে৷সেয়ে বলি স্থানকে ধৰি দেৱালখনৰ চাৰিওফালে সজাই পৰাই তুলিবলৈ প্ৰস্তুতি তুংগত উঠিছে৷প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম হোৱা বিল্বেশ্বৰ দেৱালৰ দূৰ্গা পূজাৰ নৱমীৰ দিনা প্ৰায় ৬ লাখ ভক্ত হোৱাৰ সম্ভাৱনা কৰিছে উদ্যোক্তা সকলে৷ভক্তৰ নিৰাপত্তা আৰু কোনো কাৰণতে যাতে অসুবিধা নহয় তাৰ প্ৰতিও নিৰাপত্তা ব্যৱস্থা কৰিব৷মূঠতে চাৰিওফালৰ পৰা দূৰ্গা দেৱীক আদৰিবলৈ সাজু বিল্বেশ্বৰ দেৱালয় পৰিচালনা সমিতিও৷আনহাতে   বেলশৰৰ দূৰ্গা পূজাত কোনো ধৰণৰ মূৰ্তি পূজা কৰা নহয় ইয়াৰ বিপৰীতে ৰাম কলগছত দেৱী সজাই পূজা অৰ্চনা কৰে।

বাইট : দলৈ।

DL আছে।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.