নলবাৰী, 12 নৱেম্বৰঃ অবৈধ বালি খনন আৰু বালি মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নলবাৰীৰ বৰকুৰিহাৰ ৰাইজ ৷ ৰাইজৰ অভিযোগ অনুসৰি নলবাৰীৰ পাগলাদিয়া নদীৰ বালি মহলত চলিছে অবাধ খনন কাৰ্য ৷ চালানবিহীন ভাৱে ট্ৰেক্টৰ আদিৰে অহৰহ কঢ়িওৱা হৈছে নদীৰ বালিমাটি ৷ বন বিভাগৰ হেমাহিৰ বাবে মনে দাস নামৰ লোকজনে কৰ ফাঁকিৰে লুন্ঠণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
আনহাতে, ৰাইজে জনোৱা অনুসৰি বৰকুৰিহাৰ মাজেৰে পাৰ হোৱা এই বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে শিশুৱে ৷ নলবাৰী বন বিভাগৰ হেমাহি আৰু কমিচনৰাজৰ বাবেই চালানহীন ভাৱে চলিছে বালি খনন কাৰ্য ৷ এই ক্ষেত্ৰত পাগলাদিয়া নদীৰ বালি মহলত চলা এই অবৈধ খনন ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা হ’ব লক্ষণীয় ৷