ETV Bharat / state

যৌতুকৰ বাবেই অগ্নিসংযোগ কৰি হত্যাৰ চেষ্টা বোৱাৰীক

নলবাৰীত যৌতুকৰ বাবে গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অপচেষ্টা বোৱাৰীক

ৰাজ্যত পুনৰ যৌতুক প্ৰসংগ!
author img

By

Published : Aug 5, 2019, 10:51 AM IST

নলবাৰী,5 আগষ্টঃ পুনৰ যৌতুকৰ বাবে সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা ৷ নলবাৰীৰ সুৰাদি-মেলপাৰাত সংঘটিত হৈছে এই ঘটনা ৷ দুই সন্তানৰ মাতৃৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টাৰ অভিযোগ ৷ স্বামী,দেওৰ আৰু ননদে মিলি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ চানোৱাৰা বিবি নামৰ মহিলাগৰাকীৰ ৷ নলবাৰীৰ সুৰাদি-মেলপাৰাৰ আমিন আলী আৰু একে গাওঁৰে চানোৱাৰা বিবি নামৰ এইগৰাকী মহিলাৰ ৭ বছৰ পূৰ্বে বিয়া হৈছিল ৷ অভিযোগ অনুসৰি, দুটা সন্তান জন্মৰ পিছতো স্বামীগৃহই যৌতুক বিচাৰি চানোৱাৰা বিবিৰ ওপৰত চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷

ৰাজ্যত পুনৰ যৌতুক প্ৰসংগ!
অৱশেষত নিৰ্যাতনৰ সীমা চেৰাই দেওবাৰে নিশা চানোৱাৰাৰ গাত স্বামী আমিন আলী,দেওৰ আজিদ আলী আৰু ননদ ৰঞ্জু বিবিয়ে গাত জুই জ্বলাই হত্যা কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ চানোৱাৰাৰ ৷ স্বামী,দেওৰ আৰু ননদৰ অকথ্য নিৰ্যাতনৰ মাজতে চেগ বুজি চানোৱাৰাই দুই সন্তানক লৈ পলাবলৈ চেষ্টা কৰিছিল যদিও দেওৰ আজিদে কনমানি পুত্ৰ সন্তানটোক আজুৰি লৈ যায় চানোৱাৰাৰ কোলাৰ পৰা ৷ উপায়হীন হৈ কন্যাক লগত লৈয়ে জীৱন বচাবলৈ স্বামীগৃহৰ পৰা পলায়ন কৰে চানোৱাৰাই ৷ সেই অৱস্থাতে চানোৱাৰাই বাহিৰে বাহিৰে নিশাই নলবাৰী সদৰ থানাত উপস্থিত হৈ লম্পট স্বামী,দেওৰ আৰু ননদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে এজাহাৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো অভিযুক্তকে আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷

Intro:#পুনৰ যৌতুক প্ৰসংগBody:#যৌতুকৰ বাবে গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অপচেষ্টা বোৱাৰীক#
#স্বামী,দেওৰ আৰু ননদে মিলি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ#
#কৌশলৰে পলায়ন কৰি নিৰ্যাতিতাই নলবাৰী থানাত দাখিল কৰে এজাহাৰ#
#নলবাৰীৰ সুৰাদি-মেলপাৰাত সংঘটিত হৈছে এই ঘটনা#

V.O=হয়..পুনৰ যৌতুকৰ বাবে সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷এইবাৰৰ স্থান নলবাৰী৷দুই সন্তানৰ মাতৃক গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টাৰ অভিযোগ৷স্বামী,দেওৰ আৰু ননদে মিলি হত্যাৰ চেষ্টা চানোৱাৰা বিবি নামৰ মহিলাগৰাকীক৷উল্লেখযোগ্য যে নলবাৰীৰ সুৰাদি-মেলপাৰাৰ আমিন আলী আৰু একে গাওঁৰে চানোৱাৰা বিবি নামৰ এইগৰাকী মহিলাৰ ৭ বছৰ পূৰ্বে বিয়া হৈছিল৷আনকি পৰৱৰ্তী সময়ত দুয়োৰো সাংসাৰিক জীৱনলৈ আহিছিল এগৰাকী কন্য আৰু এগৰাকী পুত্ৰ সন্তান৷কিন্তু ইয়াৰ পিছতো স্বামীগৃহই লোভ ৰৈ গৈছিল চানোৱাৰাৰ যৌতুকৰ ওপৰত৷সেয়ে বছৰৰ পিছত বছৰ ধৰি যৌতুক বিচাৰি চানোৱাৰাৰ ওপৰত চলিছিল স্বামীগৃহৰ শাৰীৰিক-মানসিক নিৰ্যাতন৷অৱশেষত নিৰ্যাতনৰ সীমা চেৰাই দেওবাৰে নিশা চানোৱাৰাৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলাইছিল স্বামী পৰিয়ালে৷বন্ধ কোঠাৰ ভিতৰত স্বামী আমিন আলী,দেওৰ আজিদ আলী আৰু ননদ ৰঞ্জু বিবিয়ে গাত জুই জ্বলাই হত্যা কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ চানোৱাৰাৰ৷স্বামী,দেওৰ আৰু ননদৰ অকথ্য নিৰ্যাতনৰ মাজতে চেগ বুজি চানোৱাৰাই দুই সন্তানক লৈ পলাবলৈ চেষ্টা কৰিছিল যদিও দেওৰ আজিদে কনমানি পুত্ৰ সন্তানটোক আজুৰি লৈ যায় চানোৱাৰাৰ কোলাৰ পৰা৷উপায়হীন হৈ কন্যাক লগত লৈয়ে জীৱন বচাবলৈ স্বামীগৃহৰ পৰা পলায়ন কৰে চানোৱাৰাই৷ইফালে গাত কেৰাচিন তেলৰ গোন্ধ ওলাই থকা চানোৱাৰই বাহিৰে বাহিৰে নিশাই নলবাৰী সদৰ থানাত উপস্থিত হৈ লম্পট স্বামী,দেওৰ আৰু ননদৰ ওপৰত এজাহাৰ দাখিল কৰে৷ইতিমধ্যে এজাহাৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো অভিযুক্তকে আটক কৰিব পৰা নাই৷

Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.