নলবাৰী, 13 জানুৱাৰীঃ অসমৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে সুখ স্বাচ্ছন্দ্যৰে ভৰা বাপতি সাহোন ভোগালী বিহুটিক আদৰিবলৈ ৷ ঢেঁকীৰ মাতে ৰজনজনাইছে অসমৰ চৌদিশ ৷
ব্যতিক্ৰম নহ'ল নলবাৰীবাসীও ৷ ঢেঁকীৰ শব্দৰে ধৰণী কঁপাই চাউল খুন্দি পিঠা পোৰাত ব্যস্ত নলবাৰীৰ শান্তিপুৰৰ মহিলাসকল ৷ ঢেঁকীশালত একেলগ হৈ উলহ মালহেৰে প্ৰস্তুতি চলাইছে বিহুৰ জলপানৰ ৷ কিন্তু ইয়াৰ মাজতো এইসকল মহিলাই দেখুৱালে ব্যতিক্ৰমী পদক্ষেপ ৷
লগতে পঢ়কঃ ব্যতিক্ৰমী ভেলাঘৰেৰে ভোগালীক আদৰাৰ প্ৰস্তুতি জাজৰি শিমলুতলবাসীৰ