নিউজ ডেস্ক,12 মাৰ্চ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বৃদ্ধলোক । নিহত ব্যক্তিজন দলুৱাৰৰ মাধৱ কলিতা(৫৫) বুলি চিনাক্ত কৰা হৈছে ।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/2669871_488_067f7d92-5d80-4e3b-8c3d-91fc1561ca3c.png)
ঘটনাৰ বিৱৰণী মতে, ৰাষ্ট্ৰীয় ঘাইপথটোৰ জাজিয়াবাৰী চকত মাধৱ কলিতা নামৰ লোকজন পথ পাৰ হ'ব লওঁতেই এখন নম্বৰ প্লেট বিহীন বাইকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয় ।