নলবাৰী,1 জানুৱাৰীঃ আকৌ এবাৰ ৰাইজৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলায় অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে ৷ বছৰৰ প্ৰথম দিনটোতে নলবাৰীত গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰা লোকৰ ওপৰত জপিয়াই পৰে আৰক্ষী ৷ আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ জনাই বুধবাৰে সন্ধিয়া নলবাৰী সদৰ থানাৰ সন্মুখত আছুকৰ্মীসকলে দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা ৷ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি "অসম আৰক্ষী হায় হায়,কা আমি নামানো,সৰ্বানন্দ সোণোৱাল মুর্দাবাদ" আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
উল্লেখ্য যে, বুধবাৰে নলবাৰীৰ সমীপৱৰ্তী দাহুদীৰ উলুবাৰীত মুখ্যমন্ত্ৰীক ক’লা পতাকা দেখুওৱাৰ সময়তে উক্ত ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক তথা জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক চন্দন বেজবৰুৱাক প্ৰহাৰ কৰে ৷ ঘটনাৰ পিছৰে পৰা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বেজবৰুৱা । এই ঘটনাৰ প্ৰতিবাদত আছুকৰ্মীয়ে দাহ কৰে মুখ্যমন্ত্ৰীৰ পুত্তলিকা ।
লগতে চাওকঃনলবাৰীত উত্তপ্ত পৰিস্থিতি, কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক