ETV Bharat / state

নলবাৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি - মুখ্য নিৰ্বাচনী কাৰ্য্যলয়

নলবাৰীৰ অগপৰ জিলা মুখ্য কাৰ্যালয়ৰ বাকৰিত দেওবাৰে নলবাৰী সমষ্টিৰ বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো মুকলি কৰে সাংসদ দিলীপ শইকীয়াই ৷

নলবাৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

author img

By

Published : Mar 14, 2021, 10:20 PM IST

নলবাৰী,14 মাৰ্চ: কংগ্ৰেছে বদৰুদ্দিন আজমলৰ ওচৰত আঁঠু লৈ অসমক বিদেশীৰ ওচৰত বন্ধকত থব বিচাৰিছে । দেওবাৰে নলবাৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এইদৰে কয় সাংসদ দিলীপ শইকীয়াই । নলবাৰীৰ অগপৰ জিলা মুখ্য কাৰ্যালয়ৰ বাকৰিত দেওবাৰে নলবাৰী সমষ্টিৰ বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ।

উক্ত অনুষ্ঠানত বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা, জিলা সভাপতি মৃগাংক তালুকদাৰ আদি উপস্থিত থাকে । কাৰ্যালয়টো মুকলি কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিলীপ শইকীয়াই কয়, এইবাৰ বৰাক উপত্যকাত আৰু নামনি অসমত বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি পাব ।

একেদৰে বিজেপিৰ মুখপাত্ৰ ফণী পাঠকে পদত্যাগ কৰাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিলীপ শইকীয়াই কয়, বিজেপি দলত পলৰীয়া নেতাৰ কোনো গুৰুত্ব নাই । দলৰ মজিয়াত অহা-যোৱা চলি থাকিব বুলিও মন্তব্য কৰে শইকীয়াই ৷

লগতে পঢ়ক: মণিপুৰত PREPAK (PRO) ৰ এজন দুধৰ্ষ কেডাৰক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.