ETV Bharat / state

এমএনচি বালিকা মহাবিদ্যালয়ত ম’কড্ৰিল কাৰ্যসূচী - মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়

নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত ভূমিকম্পত উদ্ধাৰ সম্পৰ্কীয় কৃত্ৰিম অনুশীলনৰ কাৰ্যসূচী অনুষ্ঠিত ৷ এই অনুশীলনত এনডিআৰএফ বাহিনীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়াৰ লগতে আপদা মিত্ৰসকলেও অংশগ্ৰহণ কৰে ৷

Mockdrill program in nalbari mnc balika college assam etv bharat news
এমএনচি বালিকা মহাবিদ্যালয়ত ম’কড্ৰিল কাৰ্যসূচী
author img

By

Published : Feb 4, 2021, 9:15 PM IST

নলবাৰী,4 ফেব্ৰুৱাৰী: নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু এনডিআৰএফ বাহিনীৰ সহযোগত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এক ম’কড্ৰিল কাৰ্যসূচী ৷ ভূমিকম্প হ'লে কেনেকৈ কেইবামহলীয়া অট্টালিকাৰ পৰা আহত লোকক উদ্ধাৰ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰি জীৱন বচাব পাৰি তাৰে এক কৃত্ৰিম আখৰা এই কাৰ্যসূচীৰ জৰিয়তে অনুশীলন কৰা হয় ৷ অনুশীলন অনুযায়ী ভূমিকম্প হোৱাৰ খবৰ লাভ কৰাৰ লগতে মহাবিদ্যালয়খনৰ অট্টালিকাত কেইবাজনো লোক আৱদ্ধ হৈ থকাৰ কথা জানিব পৰা যায় ৷ এই খবৰ লাভ কৰি এনডিআৰএফ-ৰ উদ্ধাৰকাৰী দল আৰু এম্বুলেঞ্চ ঘটনাস্থলীত উপস্থিত হয় ৷

এমএনচি বালিকা মহাবিদ্যালয়ত ম’কড্ৰিল কাৰ্যসূচী

আখৰাৰ সময়ছোৱাত দুমহলীয়া অট্টালিকাৰ ওপৰৰ পৰা এটি কণমানিকে ধৰি চাৰিজন লোকক উদ্ধাৰ কৰে এনডিআৰএফে ৷ তাৰপিছত মহাবিদ্যালয়খনত উপস্থিত থকা চিকিৎসকে আহত লোকসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি এম্বুলেঞ্চৰ সহায়ত হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ এই অনুশীলনত অগ্নি নিৰ্বাপক বাহিনী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়াৰ লগতে আপদা মিত্ৰসকলেও অংশগ্ৰহণ কৰে ৷ এই কৃত্ৰিম আখৰাত ক্ষেত্ৰ বিষয়াসকলৰ পৰ্যবেক্ষণ অনুসৰি কেবাটাও প্ৰয়োজনীয় পদক্ষেপ বাদ পৰা বুলি চিনাক্ত কৰা হয় ৷ সেই অনুসৰি ক্ষেত্ৰ বিষয়াই জনায় যে, চাইৰেণ বজাৰ পিছত ছাত্ৰীসকল নিৰাপদ ঠাইত গোট খোৱাৰ বিপৰীতে সিচঁৰতি হৈ পৰে ৷ এই ম’কড্ৰিল অনুষ্ঠানৰ তদাৰক কৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই ৷

লগতে চাওকঃ কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.