নলবাৰী,19 অক্টোবৰ : ৰাইজৰ ৰোষত জন প্ৰতিনিধি ৷ ৰাইজৰ ৰণচণ্ডী মূৰ্তি দেখি সভা ত্যাগ এগৰাকী বিধায়কৰ ৷ এই ঘটনা সংঘটিত হৈছে নলবাৰীত ৷ জনপ্ৰিয় বিধায়ক হিচাপে সততে পৰিচিত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা সন্মুখীন হয় এক অবাঞ্চিত পৰিস্থিতিৰ ৷
সমাগত নিৰ্বাচনৰ পূৰ্বে বিধায়কগৰাকীয়ে সমষ্টিৰ ভিন্ন জনসভাত অংশগ্ৰহণ কৰাৰ সময়তে এজাক প্ৰতিবাদী মহিলা আহি বিধায়কগৰাকীৰ সন্মুখতে বিজেপি মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ মহিলাসকলৰ এনে ৰণচণ্ডী মূৰ্তি দেখি সভা ততালিকে সভা ত্যাগ কৰে বিধায়ক অশোক শৰ্মাই ৷
উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলৰ জন প্ৰতিনিধিয়ে আৰম্ভ কৰে আধাৰশিলাৰ ৰাজনীতি ৷ নলবাৰীতো খাটিকুছিৰ দুৰ্গা মন্দিৰৰ সভাগৃহৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে মন্দিৰ চৌহদত উপস্থিত হৈছিল বিধায়কগৰাকী ৷
বিধায়কগৰাকীৰ উপস্থিতিৰ কথা জানিব পাৰি মন্দিৰ চৌহদত উপস্থিত হয় সচেতন মহিলা মঞ্চৰ এটি দল ৷ দলটোৱে বিজেপি গ’ বেক, অশোক শৰ্মা মুৰ্দাবাদ, দীপক কলিতা মুৰ্দাবাদ, অৰুণোদয় আঁচনি, বিজেপিকৰণ বন্ধ কৰক আদি শ্লোগানেৰে সভাস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে বিধায়কগৰাকীৰ সাংগো-পাংগই মহিলাসকলৰ দলটোক চিপিআইএমৰ কৰ্মী বুলি কোৱাত অধিক উত্তেজিত হৈ পৰে দলটো ৷ এনে সময়তে জনতাৰ ৰোষত পৰাৰ ভয়ত বিধায়কগৰাকীয়ে সুযোগ বুজি পৰিত্যাগ কৰে উক্ত স্থান ৷