নলবাৰী, 21 আগষ্ট : "মনোৰঞ্জন তালুকদাৰ কমিউনিষ্ট মানুহ ৷ কমিউনিষ্ট মানুহে ভৱিষ্যতবাণী নকৰে ৷ মনোৰঞ্জন তালুকদাৰ কমিউনিষ্ট আদৰ্শৰ পৰা বিচ্যুত হৈছে ৷" সৰভোগৰ বিধায়ক তথা চি পি আই এমৰ নেতা মনোৰঞ্জন তালুকদাৰক এনেদৰে কটাক্ষ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ নলবাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ পশ্চিম অসম মণ্ডলৰ মাণ্ডলিক কৰ্মশালাত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰক উদ্দেশ্যি এইদৰে মন্তব্য কৰে ৷
মন্ত্ৰীগৰাকীয়ে কয় যে, ভৱানীপুৰ-সৰভোগ সমষ্টিত চিপিআইএমৰ কোনো গণভিত্তি নাই ৷ আগন্তুক 2026 ৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ যিকোনো প্ৰাৰ্থীয়েই জয় লাভ কৰিব ৷ আনহাতে মন্ত্ৰীগৰাকীয়ে বিজেপি দলত চলি থকা ন-পুৰণি বিতৰ্ক সন্দৰ্ভত কয় যে, বিজেপিত ন-বিজেপি, পুৰণা বিজেপি বুলি কোনো কথা নাই ৷ এয়া সম্পূৰ্ণ কংগ্ৰেছ আৰু সংবাদ মাধ্যমৰহে সৃষ্টি বুলি মন্তব্য কৰি সকলোৱেই বিজেপি দলৰ কাৰ্যকৰ্তা বুলি প্ৰকাশ কৰে ৷ অৱশ্যে তেওঁ জ্যেষ্ঠ নেতাৰ ক্ষোভ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক’ব বুলি কয় মন্ত্ৰীজনে ৷
ইফালে ৰাজ্যত হোৱা আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনায় ৷ দোকানৰ পৰা কেছ মেমো বিচাৰিবলৈ আহ্বান জনাই প্ৰয়োজনতকৈ অধিক মূল্য লোৱা ব্যৱসায়ীৰ বিৰুদ্ধে থানাত গোচৰ দাখিল কৰিবলৈয়ো আহ্বান জনায় মন্ত্ৰীজনে ৷
উল্লেখ্য যে দেওবাৰৰ পৰা নলবাৰীত জিলা বিজেপিৰ কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিজেপিৰ পশ্চিম অসম মণ্ডলৰ দলীয় আৱাসিক কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ বজালী, বৰপেটা, নলবাৰী, দক্ষিণ কামৰূপ, উত্তৰ কামৰূপ, গুৱাহাটী মহানগৰ, গোৱালপাৰা, বঙাইগাঁও, বাক্সা, চিৰাং আদিকে ধৰি পশিম মণ্ডলৰ পৰা অংশ লোৱা বিজেপি দলৰ জিলা পৰিষদৰ সদস্য, বি টি আৰ আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ সকলক দলীয় সাংগঠনিক বিষয়ত প্ৰশিক্ষণ দিয়া হয় ৷ এই অনুষ্ঠানতে সোমবাৰে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷
লগতে পঢ়ক : Assam BJP internal conflict: বিজেপিত সংঘাত সৃষ্টি কৰিবলৈ কংগ্ৰেছে আনিছে ন-বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ !