ETV Bharat / state

ভাৰত বন্ধৰ সমৰ্থনত নলবাৰী,খুমটাইত শতাধিক লোকৰ প্ৰতিবাদ

author img

By

Published : Dec 8, 2020, 9:49 PM IST

ভাৰত বন্ধৰ সমৰ্থনত নলবাৰী, খুমটাইত প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

massive-protest-nalbari-khumtai
ভাৰত বন্ধৰ সমৰ্থনত নলবাৰী,খুমটাইত শতাধিক লোকৰ প্ৰতিবাদ

নলবাৰী, 8 ডিচেম্বৰ : নলবাৰীৰ ঘগ্ৰাপাৰৰ খেতিপথাৰত ভাৰত বন্ধৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ব্লকটোৰ 9 টাকৈ মণ্ডলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি খেতি পথাৰত খেতিয়ক সকলক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

উক্ত কাৰ্যসূচীত নলবাৰী জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদক লুটফুৰ ৰহমান, বড়িগোগ ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতা সহ কংগ্ৰেছৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদকাৰীৰ মন্তব্য

লগতে পঢ়ক : মৎস‍্য উৎপাদনেৰে স্বনিৰ্ভৰশীলতাৰ পথ বাছি ল'লে দুই শিক্ষিত যুৱকে

আনহাতে, খুমটাইৰ ৰঙামাটিতো কৃষক সমাজে ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই 15 টাকৈ কৃষক-সংগ্ৰামী দল-সংগঠনৰ দ্বাৰা ৰূপায়ন কৰা হৈছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদত অংশগ্ৰহণ কৰে সংগ্ৰামী নেতা সোণেশ্বৰ নৰহ, প্ৰণৱ দলে, জ্যোতি প্ৰসাদ খাউণ্ড, সমীৰ ভূষণ বৰা, প্ৰকাশ হাজৰিকাকে আদি কৰি বহুতো নেতাকৰ্মী ।

প্ৰতিবাদকাৰী সকলে বিজেপি গ' বেক, সৰ্বানন্দ সোণোৱাল গ'বেক, কৃষি আইন বাতিল কৰক আদি শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে । অনাগত দিনত চৰকাৰে যদি কৃষি আইন বাতিল নকৰে, ইয়াতকৈও অধিক ভয়ংকৰ ৰূপত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : ভাৰত-চীন যুদ্ধৰ 58 বছৰ পিছত যুদ্ধস্থলীত ছুবেদাৰ (অনাৰি কেপ্তেইন) কোঁৱৰ সিং টাকুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.