ETV Bharat / state

Floods in Tihu : টিহুত দুঠাইত ছিগিল মৰাপাগলাদিয়াৰ মথাউৰি

author img

By

Published : Jun 15, 2022, 7:14 PM IST

নলবাৰী জিলাৰ টিহুত মৰাপাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বহু অঞ্চল বুৰাই পেলাইছে (Floods in Nalbari)। দুটাকৈ স্থানত মথাউৰি ছিগি যোৱাৰ ফলত কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে (Many areas submerged by river rising water) । কৃষিভূমিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে পশুধনৰ আলৈ-আথানি হৈছে সমগ্ৰ অঞ্চলটোত ।

Floods in Tihu
টিহুত দুঠাইত ছিগিল মৰাপাগলাদিয়াৰ মথাউৰি

নলবাৰী,১৫ জুন : শেহতীয়াকৈ কেইবাদিনো ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ হৈ আছে (Heavy rainfall in Assam)। যাৰ বাবে নৈ-উপনৈসমূহ পুনৰ ওফন্দি উঠিছে । বহু স্থানত আকৌ নৈসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বহু অঞ্চল ।

নলবাৰী জিলাত মৰাপাগলদিয়া নদীয়েও কালৰূপ ধাৰণ কৰিছে । জিলাখনৰ অন্তৰ্গত টিহুৰ উত্তৰ বালিত দুটাকৈ স্থানত মৰাপাগলদিয়া নদীৰ মথাউৰি ছিগিছে (Morapagladiya river damages its embankment in Tihu)। যাৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱা দেখা গৈছে । নলবাৰী জিলাৰ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ উত্তৰ বালিৰ টিহু-আখৰা গড়কাপ্টানি পথৰ পৰা কৈহাটীপাৰালৈ যোৱা মৰাপাগলদিয়া নদীৰ পূৱ পাৰৰ মথাউৰিটো বুধবাৰে পুৱাই বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে ।

যোৱা দুদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত মৰাপাগলদিয়াৰ বাঢ়নী পানীয়ে পুৱাই মথাউৰি ছিগি বড়ো নদীপাৰ চুপা, কৈহাটীপাৰা,গোৱৰাদল, ষাঠিকুছি, গড়বেৰ, সাৰাপাৰা, কুলবিল আদি গাঁওসমূহ প্লাৱিত কৰিছে (Floods affects Nalbari)। বহু লোকৰ পুখুৰী আদি পানীত বুৰ গৈছে । পানীত বুৰ গৈছে অঞ্চলটোৰ খেতিয়কৰ কঠীয়াকে ধৰি কৃষিভূমি । আনকি পোহনীয়া গৰু, ছাগলী ৰাখিবলৈ ঠাই নোহোৱা হৈছে গাঁওবাসীৰ । বহু পৰিয়ালৰ ঘৰ, চোতাল এতিয়া পানীৰ তলত । অঞ্চলটোৰ বাট পথসমূহো জলমগ্ন হৈ পৰিছে ।

আনহাতে বিভাগীয় কৰ্তৃপক্ষ আৰু পঞ্চায়তৰ হেমাহীৰ বাবে ৰাইজ সমস্যাৰ সন্মুখীন হৈছে বুলি অভিযোগ উঠিছে । ৪৫ নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তে মথাউৰি নিৰ্মাণত গাফিলতি কৰাৰ বাবেই বছৰি ৰাইজে এনেদৰে হাৰাশাস্তি ভূগিব লগা হয় বুলি অভিযোগ উত্থাপিত হৈছে । আনফালে মৰাপাগলদিয়া নৈৰ পশ্চিম পাৰৰ মথাউৰিটো উত্তৰ বালিত পুনৰ ছিগি উত্তৰ বালি, মহাজনপাৰা, শিয়ালমাৰী, বালি, হাৰিভাঙা, ভোজকুছি, বৰপীতকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে ।

লগতে পঢ়ক :Floods in Guwahati : আজিও জলমগ্ন গুৱাহাটীৰ বিভিন্ন অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.