ETV Bharat / state

দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিশুসহ এজন লোক

author img

By

Published : Oct 6, 2022, 2:09 PM IST

নলবাৰীৰ মুকালমুৱাৰ ভৈৰাঘোলত দুৰ্বৃত্তৰ আক্ৰমণত এটি শিশুসহ এজন লোক গুৰুতৰভাৱে আহত হয় (Brutal attack in Nalbari)

4 people attack two people at Mukalmuwa
বৰ্বৰ আক্ৰমনত গুৰুতৰভাৱে আহত শিশুসহ এজন লোক

নলবাৰী, 6 অক্টোবৰ: শত্ৰুতাৰ ভয়ংকৰ পৰিনতি ৷ নলবাৰীৰ মুকালমুৱাৰ ভৈৰাঘোলত এদল লোকৰ আক্ৰমণত এটি শিশুসহ এজন লোক গুৰুতৰভাৱে আহত হয় (Brutal attack in Nalbari) ৷

ঘটনা অনুসৰি বৃহস্পতিবাৰে চানবৰ আলী (40) নামৰ লোকজনে ভতিজী জান্নাতুল ফাৰহান (6) নামৰ শিশুটিৰ লগত AS 14 G 1459 নম্বৰৰ দুচকীয়া বাহনখনৰে ভৈৰাঘোলৰ পৰা চাউলখোৱা অভিমুখে গৈ আছিল ৷ লোকজনে শেহতীয়াকৈ এডোখৰ ভূমি ক্ৰয় কৰিছিল (Man seriously injured in attack by miscreants at Mukalmua) ৷

সেই ভূমিৰ ধন দিবলৈও তেওঁ লগত মোটা অংকৰ ধন লৈ গৈছিল ৷ তেনেতে চানবৰ আলীৰ দুচকীয়া বাহনখন বাটত আগুচি ধৰি আক্ৰমণ কৰে দুৰ্বৃত্তৰ এটা দলে ৷ দলটোৰ আক্ৰমণত চানবৰ আলী আৰু লগত থকা কণমানি শিশুটি গুৰুতৰ ভাৱে আহত হয় ৷

দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিশুসহ এজন লোক

আহত দুয়োজনকে প্ৰথমে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও দুয়োজনৰে আঘাত গুৰুতৰ হোৱাত চিকিৎসকে দুয়োজনে GMCHলৈ প্ৰেৰণ কৰে ৷ ভৈৰাঘোল গাঁৱৰে গোসাঁই আলী, ৰহমান আলী, আৰমান আলীৰ নেতৃত্বত ৮ জনীয়া দুৰ্বৃত্তৰ দল এটাই চানবৰ আৰু কণমানি শিশুটিক আক্ৰমণ কৰাৰ অভিযোগ কৰে পৰিয়ালৰ লোকে ৷

ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, পূৰ্বৰে পৰা চানবৰৰ পৰিয়ালৰ লগত শত্ৰুতা আছিল গোসাঁই আলীৰ ৷ ইয়াৰ আগেও দুয়ো ফৈদৰ মাজত অন্য বিষয়ক লৈ অৰিয়াঅৰি হৈছিল ৷ ইয়াৰ ফলতেই গোসাঁই আলীয়ে সুযোগ বুজি চানবৰ আলীক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

এই ঘটনাৰ পিছতে চানবৰৰ পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক: দিন দুপৰতে ঘৰত দুৰ্বৃত্ত সোমাই যুৱতীক ধৰ্ষণৰ পাছত কৰিলে হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.