নলবাৰী,3 জুলাই: প্ৰথমে প্ৰেম, তাৰপিছত প্ৰেমৰ চলনাৰে শাৰিৰীক সম্পৰ্ক স্থাপন, পৰৱৰ্তী সময়ত পলায়ন ভণ্ড প্ৰেমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে নলবাৰীত ৷ উক্ত কাণ্ডত সাঙোৰ খাইছে এগৰাকী প্ৰাক্তন আছু তথা বৰ্তমানৰ অগপ নেতাৰ নাম ৷ প্ৰেমৰ ছলনাৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰি অন্তঃসত্বা হোৱা প্ৰেমিকাক এৰি পলায়ন কৰা প্ৰেমিকগৰাকী হৈছে জিলাখনৰ ব্ৰাইট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী মৃদুল ডেকা ৷ ভুক্তভোগী যুৱতী গৰাকীয়ে স্থানীয় আৰক্ষী থানাত ৰুজু কৰা এক গোচৰৰ পিছতে সমগ্ৰ কাণ্ড পোহৰলৈ আহে ৷
উল্লেখ্য যে,দুই সন্তানৰ পিতৃ অভিযুক্ত মৃদুলে চৰকাৰী চাকৰিয়াল হোৱাৰ উপৰিও চহৰখনত চলায় নিছিল কেইবাটাও ব্যৱসায় ৷ চহৰখনৰ মাজমজিয়াস্থিত মৃদুলৰ উক্ত প্ৰেছত 2013 চনত কৰ্মত নিয়োজিত হৈছিল এগৰাকী যুৱতী । কিন্তু কামৰ মাজতে চতুৰ ব্যক্তিগৰাকীয়ে কৌশলগতভাৱে যুৱতীগৰাকীক প্ৰেমত পেলাই বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰে ৷ অভিযোগ অনুসৰি পৰৱৰ্তী সময়ত সাত বছৰীয়া এই প্ৰেমৰ সম্পৰ্কত যুৱতীগৰাকীয়ে পাঁচবাৰকৈ অন্তঃসত্বা হয় যদিও সামাজিক লাঞ্চনাৰ স্বাৰ্থত পিতৃ পৰিচয় গোপনে ৰাখি ভ্ৰূণ হত্যাৰ দৰে অপৰাধৰ আশ্ৰয় লয় ৷ পিছে লক ডাউনে ব্যক্তিগৰাকীৰ জীৱনত লগালে কেনা ৷ পুনৰবাৰ যুৱতীগৰাকী চাৰিমাহৰ অন্তঃসত্বা হোৱাত ব্যক্তিগৰাকী বিমোৰত পৰি যুৱতীগৰাকীক বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰা আৰম্ভ কৰে ৷ কিন্তু উক্ত খবৰ চহৰখনত বনজুইৰ দৰে বিয়পি পৰাত ন্যায় বিচাৰি যুৱতী গৰাকীৰ পৰিয়ালে কাষ চাপে আৰক্ষীৰ ৷
বিগত 15 জুনত যুৱতীগৰাকীয়ে মাতৃ-ভগ্নীৰ সহায়ত নলবাৰী সদৰ থানাত 318/20 নম্বৰৰ অধীনত 376/420/312 ভাৰতীয় দণ্ডবিধিৰ অধীনত ৰুজু কৰে এটি গোচৰ ৷ সম্প্ৰতি জামিনবিহীন এই গোচৰ ৰুজুৰ পিছতে বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত মৃদুল ডেকা । সম্প্ৰতি এই ঘটনা গাপ দিবলৈ একাংশ লোকৰে সৈতে বুজাবুজি কৰাৰ কু-অভিসন্ধি ৰচনা কৰি পলাতক হৈ আছে মৃদুল ৷ এইক্ষেত্ৰত অভিযুক্তৰ আত্মগোপন আৰু আৰক্ষীৰ ভূমিকাই ঘটনাৰ গতি অন্য ফাললৈ গতি কৰাৰ ইংগিত বহন কৰিছে ৷ ন্যায়ৰ আশাত বন্দী ভুক্তভোগী যুৱতী গৰাকীয়ে সময়ত ন্যায় পাব নে প্ৰাক্তন আছু নেতা হোৱাৰ সুবাদতে অভিযুক্তই ধনবল আৰু বাহুবল প্ৰয়োগ কৰি সাৰি যাব সেয়া লক্ষণীয় হ’ব ৷