ETV Bharat / state

মুকালমুৱাৰ দুই পৃথক স্থানত চুৰিকাণ্ড

author img

By

Published : Jul 10, 2020, 6:38 PM IST

নলবাৰী জিলাৰ মুকালমুৱাৰ দুই পৃথক স্থানত সংঘটিত হৈছে চুৰিকাণ্ড ৷ অঞ্চলটোৰ লোহাৰকাঠা পঞ্চায়ত আৰু আধাৰ কাৰ্ডৰ কাৰ্যালয়ত সংঘটিত হয় এই চুৰিকাণ্ড ৷

Loot at two various places of mukalmua nalbari assam etv bharat news
মুকালমুৱাৰ দুই পৃথক স্থানত চুৰিকাণ্ড

নলবাৰী,10 জুলাই: নলবাৰীৰ মুকালমুৱাৰ লোহাৰকাঠা পঞ্চায়ত কাৰ্যালয়ত সংঘটিত হৈছে চুৰিৰ ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, লোহাৰকাঠা-আদাবাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ লগত সংলগ্ন আধাৰ কাৰ্ডৰ কাৰ্যালয়টোতো সংঘটিত হয় চুৰিৰ ঘটনা । বৃহস্পতিবাৰে নিশা কাৰ্যালয় দুটাত চোৰে তলা ভাঙি প্ৰৱেশ কৰি আচবাবসমূহ লণ্ড-ভণ্ড কৰাৰ লগতে চুৰ কৰি লৈ যায় এটা লেপটপ আৰু ইনভাৰ্টাৰসহ বহু মূল্যৱান সামগ্ৰী ।

মুকালমুৱাৰ দুই পৃথক স্থানত চুৰিকাণ্ড

আনহাতে,চোৰে পঞ্চায়ত কাৰ্যালয়টোৰ আন কেইবাটাও কোঠাৰ তলা ভাঙে যদিও, চুৰি কৰিবলৈ সক্ষম নহ’ল কোনো সামগ্ৰী । দীৰ্ঘদিনে অঞ্চলটোত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । ইতিমধ্যে এই চুৰি সম্পৰ্কে পঞ্চায়তৰ সচিবে এজাহাৰ দাখিল কৰিছে মুকালমুৱা আৰক্ষী থানাত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷

লগতে চাওকঃ বিদ্যালয়ৰ মাচুল ৰেহাইৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.