ETV Bharat / state

Karishma Nath In Nalbari: জনসমুদ্ৰত পৰিণত কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন অনুষ্ঠান

author img

By

Published : Mar 30, 2023, 8:00 PM IST

নলবাৰীৰ বৰকুৰিহা বাসন্তী পূজাত সহস্ৰাধিক লোকৰ মাজত কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন ৷ বিতৰ্কৰ পিছতো ইখনৰ পিছত সিখনকৈ পূজা সভা মহোৎসৱত কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশন অব্যাহত ৰাখিছে । নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰীৰ বাসন্তী পূজাত কৰিশ্মা নাথৰ অনুষ্ঠানত সহস্ৰাধিক লোকৰ সমাগম ঘটে (Karishma Nath performed Nagara Naam in Nalbari) ।

nagara naam by karishma nath in nalbari
কৰিশ্মা নাথৰ অনুষ্ঠান
কৰিশ্মা নাথৰ অনুষ্ঠান

নলবাৰী, ৩০ মাৰ্চ : বিতৰ্ক আৰু কৰিশ্মা নাথ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । নিজৰ অংগী ভংগীৰে নাগাৰা নাম গাই জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা নাথ । নিতৌ ইজনৰ পিছত সিজনকৈ নাগাৰা শিল্পীৰ সমালোচনাৰ সন্মুখীন হোৱা কৰিশ্মা কিন্তু নিজৰ কৰ্মত যেন থমকি ৰোৱা নাই (Karishma Nath) । বিতৰ্কই আৰু অধিক জনপ্ৰিয় কৰি তোলা কৰিশ্মা নাথৰ নাগাৰা নাম মানেই এতিয়া জনসমুদ্ৰ । য'তেই কৰিশ্মাৰ অনুষ্ঠান হয় তাতেই ৰাইজৰ সোঁত বয় (karishma nath) ৷

নিশা নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰীৰ বাসন্তী পূজাত কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ দৰ্শক হিচাপে আহিল হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ (Karishma Nath performed Nagara Naam in Nalbari) । কৰিশ্মা নাথৰ বেণ্ড পাৰ্টীয়ে বহুল চৰ্চিত পে পে পে ৰে নাগাৰা নামেৰে আমোদ দিলে সহস্ৰাধিক লোকক । কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশন কৰাৰ সময়ত দেহৰ অংগীমা ভংগীমাত দৰ্শকৰ বিপুল উচাহ পৰিলক্ষিত হয় । বিতৰ্কই অধিক জনপ্ৰিয় কৰা কৰিশ্মা নাথৰ নাগাৰা নাম ওচৰৰ পৰা চাবলৈ ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰে যে বিতৰ্কক আওকাণ কৰি কৰিশ্মাই চলাই গৈছে নিজৰ কৰ্ম (Nagara Naam by Karishma Nath) ।

উল্লেখযোগ্য যে, যুৱ শিল্পী গৰাকীৰ নাম ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সদৌ অসম নাগাৰা নাম সংঘকে আদি কৰি বিভিন্ন নাগাৰা সমাজৰ লগত জড়িত লোকৰ সমালোচনাৰ সন্মুখীন হৈছিল কৰিশ্মা নাথ ( Karishma Nath in Nagara Naam controversy) । নাগাৰা নাম সংঘই আনকি একাষৰীয়া ঘোষণা কৰিছিল এইগৰাকী কণমানি শিল্পীক । নাগাৰা শিল্পী সকলক তীক্ষ্ন বাক্যবাণেৰে ঠাট্টা কৰাৰো অভিযোগ আহিছিল কৰিশ্মা নাথৰ বিৰুদ্ধে । ইয়াৰ পিছতো যেন থমকি ৰোৱা নাই কৰিশ্মা (Karishma Nath performed Nagara Naam)। কৰিশ্মা নাথে নিজৰ স্থিতিত অটল থাকি ইখনৰ পিছত সিখনকৈ কাৰ্যসূচীত চলাই গৈছে নিজৰ নাগাৰা নাম পৰিৱেশন (Karishma Nath nagara naam) ।

লগতে পঢ়ক : Viral video of a helpless Dog: জীৱশ্ৰেষ্ঠৰ কু-কৰ্মত দিশহাৰা এটি কুকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.