ETV Bharat / state

Kali Puja in Nalbari: ঐতিহাসিক বালিলেছা শ্ৰীশ্ৰী কালী দেৱালয়ত শ্যামা পূজা আৰম্ভ - নলবাৰীত পোহৰৰ উৎসৱ দীপাৱলী

নলবাৰীৰ বালিলেছা শ্ৰীশ্ৰী কালি দেৱালয়ত দুদিনীয়াকৈ আয়োজন কৰা হৈছে শ্যামা পূজাৰ । দেওবাৰে ধৰ্মধ্বজ্জা উত্তোলনৰে শুভাৰম্ভ কৰা হয় শ্যামা পূজাৰ । কাইলৈ পৰিব সামৰণি ।

Diwali celebrated in Nalbari
নলবাৰীত পোহৰৰ উৎসৱ দীপাৱলী
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 5:18 PM IST

নলবাৰীত পোহৰৰ উৎসৱ দীপাৱলী

নলবাৰী, ১২ নৱেম্বৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী । দীপাৱলীৰ দিনটোতেই শ্ৰীশ্ৰী শ্যামাপূজা অৰ্থাৎ কালী পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় । ব্যতিক্ৰম নহয় নলবাৰীৰ ঐতিহাসিক বালিলেছা কালী দেৱালয়ো । অসমৰ অন্যতম শক্তিপীঠ শ্ৰীশ্ৰী কালী দেৱালয় বালিলেছাত অৱস্থিত । এইবেলি বালিলেছাত আজি অৰ্থাৎ ১২ আৰু ১৩ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা হয় শ্যামা পূজাৰ ।

তাৎপৰ্যপূৰ্ণ যে প্ৰতিজন ভক্তই মানস কৰা ছাগলী, পাৰ, হাঁহ, কোমোৰা, কুঁহিয়াৰ, কচু ইত্যাদি সামগ্ৰী নিশাৰ মূল পূজাত বলি দিয়া হয় । ইফালে, দিনৰ ভাগত দূৰ দূৰণিৰ পৰা অহা ভক্ত সকলে নৈবদ্য, ভোগ আগবঢ়াই চাকি, ধূপ জ্বলাই পূজা-অৰ্চনা কৰে । যাৰ বাবে প্ৰতিটো সময়তে বালিলেছাৰ শ্ৰীশ্ৰী কালী দেৱালয়ত ভক্তৰ ভিৰ হয় ।

মনকৰিবলগীয়া যে আজি অৰ্থাৎ ১২ নৱেম্বৰত ৰাতিপুৱা ধৰ্মধ্বজ্জা উত্তোলনৰে শুভাৰম্ভ কৰা হয় শ্যামা পূজাৰ । দিনটোত আয়তীৰ পানীতোলা কাৰ্যসূচী অনুষ্ঠিত হয় । ইয়াৰ পিছত নাগাৰা নামকে ধৰি, আতচবাজী প্ৰদৰ্শন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপনৰ লগতে আন আন মাংগলিক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইপিনে, ১৩ নৱেম্বৰত বিশেষকৈ সন্ধিয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:Palnam in Majuli : মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰত আজিৰে পৰা আৰম্ভ মহা পালনাম

উল্লেখযোগ্য যে শ্ৰীশ্ৰী কালী দেৱালয় বালিলেছাত দৈনিক পূজা পাতল, বলি বিধান হয় যদিও বাৰ্ষিক পূজা অৰ্থাৎ শ্ৰীশ্ৰী শ্যামাপূজা দীপাৱলীৰ দিনাই অনুষ্ঠিত কৰি আহিছে । উক্ত অঞ্চলৰ প্ৰতিগৰাকী অংশীদাৰী ৰাইজৰ পৰা দান বৰঙণিৰে সকলোৰে মংগলাৰ্থে প্ৰতি বছৰে শ্ৰীশ্ৰী শ্যামাপূজা ভাগ কৰা হয় । অৱশ্যে দিন বাগৰাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তই পূজা ভাগত দান বৰঙণি আগবঢ়াইছে ।

লগতে পঢ়ক:Minister Jogen Mohan reaction: দেশৰ সুস্থ গণতন্ত্ৰ জীয়াই থকাৰ স্বাৰ্থত ৰাজনীতিৰ পৰা দাগী অপৰাধীক বিদায় দিয়াতো জৰুৰী: যোগেন মহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.