ETV Bharat / state

সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ

author img

By

Published : Oct 3, 2020, 6:50 PM IST

নলবাৰীৰ চামতাত এগৰাকী সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা চলাই দুজন ড্ৰাগছ মাফিয়াই ৷ সম্প্ৰতি নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অনিমেষ বৰ্মন নামৰ সাংবাদিকগৰাকীক ৷

journalist attack in nalbari assam etv bharat news
সাংবাদিক আক্ৰমণ

নলবাৰী,3 অক্টোবৰ: ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ নলবাৰী জিলাৰ চামতাত এগৰাকী সাংবাদিকক দিন-দুপৰতে আক্ৰমণ চলাই প্ৰাণে মাৰিবলৈ চেষ্টা চলাই ড্ৰাগছ মাফিয়াই ৷ আক্ৰমণৰ বলি হোৱা সাংবাদিকগৰাকীৰ নাম অনিমেষ বৰ্মন বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আহত সাংবাদিকগৰাকীক চিকিৎসাজনিত কাৰণত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ড্ৰাগছ মাফিয়াই আক্ৰমম কৰিলে সাংবাদিকক

উল্লেখ্য যে, বিগত কিছুদিনপূৰ্বে সাংবাদিকগৰাকীয়ে দুজন ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিছিল ৷ সাংবাদিকগৰাকীক আক্ৰমণ কৰা দুই ড্ৰাগছ মাফিয়া ক্ৰমে হিমাংশু বৰ্মন আৰু ফইজুল হকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে নলবাৰী সাংবাদিক সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৷ শনিবাৰৰ ভিতৰত দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে দেওবাৰে বেলশৰ থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব এ জে ৱাই চি পিয়ে ৷ আক্ৰমণৰ বলি হোৱা সাংবাদিকগৰাকী সংগঠনটোৰ বিত্ত বিভাগৰ দায়িত্বত ন্যস্ত আছিল ৷

লগতে চাওকঃ বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.