ETV Bharat / state

Jayanta Malla Baruah Comment on Jihadi: ৰাষ্ট্ৰদ্ৰোহীক ক্ষমা নোখোজো: জয়ন্তমল্ল বৰুৱা - মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

জেহাদীৰ বিৰুদ্ধে কথা ক'লেই একাংশ বিৰোধী বিধায়ক ধৰফৰাই উঠে । তেওঁ‌লোকৰ ধৰফৰণিত প্ৰমাণিত হয় যে, তেওঁ‌লোক জেহাদীৰ লগত জড়িত । আমি এইসকল বিধায়কৰ অহা যোৱা সকলোতে লক্ষ্য ৰাখিম । নলবাৰীত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷

jayanta-malla-baruahs-reaction-against-aiudf-mla-karimuddin-barbhuyan-comment
ৰাষ্ট্ৰদ্ৰোহীক ক্ষমা নোখোজো:মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
author img

By

Published : Aug 5, 2022, 9:39 PM IST

নলবাৰী, ৫ আগষ্ট: এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰিকাক ক্ষমা খোজা প্ৰসংগক(Karimuddin Barbhuyan comment) লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Jayanta Malla Baruah's reaction against Karimuddin Barbhuyan comment) । তেওঁ কয় যে, জেহাদীৰ বিৰুদ্ধে কথা ক'লেই একাংশ বিৰোধী বিধায়ক ধৰফৰাই উঠে । তেওঁ‌লোকৰ ধৰফৰণিত প্ৰমাণিত হয় যে, তেওঁ‌লোক জেহাদীৰ লগত জড়িত । আমি এইসকল বিধায়কৰ অহা যোৱা সকলোতে লক্ষ্য ৰাখিম ।

ৰাষ্ট্ৰদ্ৰোহীক ক্ষমা নোখোজো:মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

তেওঁ লগতে কয় যে, কোন বিধায়ক ক'ত যায়, কাৰোবাৰ দেশদ্ৰোহীৰ সৈতে সম্পৰ্ক আছে নেকি, মাদ্ৰাছাত গোপন মিটিং কৰে নেকি এই সকলোবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হ'ব ৷ যদি বিধায়সকলক এনে কাৰ্যত জড়িত থকা কিম্বা প্ৰমাণ ওলায় তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷

আনহাতে, মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰদ্ৰোহীৰ ওচৰত ক্ষমা নোখোজো বুলিও হুংকাৰ প্ৰদান কৰে । ৰাজ্যত পুনৰ কা আন্দোলনৰ উকমুকনি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত এতিয়া আন্দোলনৰ পৰিৱেশ নাই । চৌদিশে উন্নয়নৰ ৰাজনীতি আৰম্ভ হৈছে । আজি নলবাৰীত বিভিন্ন কাৰ্য্যসূচীত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এনেদৰে সাংবাদিকৰ আগত তীব্ৰ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : Pijush Hazarika Comment on Jihadi in Assam: কলিতেই মোহাৰি জেহাদী শেষ কৰিম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.