ETV Bharat / state

অখিল গগৈ ড্ৰাগছ মাফিয়াৰ সৈতে জড়িত: জয়ন্ত মল্ল বৰুৱা - জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ৰ বিধায়ক অখিল গগৈ (Akhil Gogoi) সন্দৰ্ভত বিস্ফোৰক মন্তব্য ৷ বিধায়ক গগৈক ড্ৰাগছ মাফিয়া-গৰু চোৰৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বৰুৱাই ৷

jayanta malla baruah reaction
জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য
author img

By

Published : Jul 11, 2021, 10:15 AM IST

Updated : Jul 11, 2021, 11:11 AM IST

নলবাৰী, 11 জুলাই : শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈ (Akhil Gogoi) সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ই ৷ ‘‘অখিল গগৈৰ ড্ৰাগছ মাফিয়া-গৰু চোৰৰ লগত সম্পৰ্ক থাকিব পাৰে । অখিল গগৈ বহুৰূপী মানুহ । ক’ত, কেতিয়া, কাৰ লগত তেওঁৰ কি সম্পৰ্ক থাকে আমি নাজানো ।

তেওঁৰ ড্ৰাগছ মাফিয়া-গৰু চোৰৰ লগত সম্পৰ্ক আছে যেন লাগে’’। অসম আৰক্ষী (Assam Police)ৰ যি এনকাউণ্টাৰ ব্যৱস্থা, সেয়া অবৈধ বুলি পূৰ্বে তীৰ্যক মন্তব্য আগবঢ়াইছিল অখিল গগৈয়ে ৷ শুকুৰবাৰে বৰভাগৰ দামোদৰ ধাম সত্ৰত অনুষ্ঠিত এখন কাৰ্য নিৰ্বাহক সভাত অংশ লৈ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই এই মন্তব্য কৰে ৷ জয়ন্ত মল্ল বৰুৱাৰ এই বিতৰ্কিত মন্তব্যই আলোড়ন সৃষ্টি কৰিছে ৰাজনৈতিক মহলত ৷

জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য

আনহাতে, উপ-নিৰ্বাচনত মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi) জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে বিধায়ক বৰুৱাই ।

বৰুৱাৰ সমান্তৰালকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া (Dilip Saikia)ই ন বিজেপি ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত কয় যে, ‘‘ৰূপজ্যোতি কুৰ্মী কেঁচা খিলাড়ী নহয় । তাতে আৰু ভাৰতীয় জনতা পাৰ্টী (BJP)ত আহিছে । ভাৰতীয় জনতা পাৰ্টীলৈ অহাৰ পাচত ৰূপজ্যোতি কুৰ্মী যিখিনি কেঁচা আছিল, সেইখিনিও পকিছে । মৰিয়নী সমষ্টিত বিজেপিৰ পৰা ৰূপজ্যোতি কুৰ্মীয়ে টিকট পালে জয়ী হোৱাতো 100 শতাংশই নিশ্চিত ৷

দিলীপ শইকীয়াৰ বিস্ফোৰক মন্তব্য

উল্লেখ্য যে, ক্ৰমাৎ তুংগত উঠিছে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma) ৰ বাকযুদ্ধ । বিধানসভাৰ মজিয়াত বিতৰ্কৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যাহ্বান জনোৱা অখিল গগৈয়ে বিধানসভাৰ অধিৱেশনত মাত্ৰ 2 মিনিট সময়হে ভাষণ ৰাখিব পাৰিব । শনিবাৰে অখিল গগৈক লৈ এই মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এগৰাকী নিৰ্দলীয় বিধায়কে বিধানসভাত মাত্ৰ 2 মিনিটহে কথা ক’ব পাৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কৈছিল যে, মুখ্যমন্ত্ৰীয়ে 7 দিনৰ সময় লৈ অসমীয়া ভাষা কোনে ৰক্ষা কৰিছে, সেই সন্দৰ্ভত অখিলৰ লগত তৰ্ক কৰক ৷ যদি মুখ্যমন্ত্ৰীৰ সাহস আছে, তেন্তে তেওঁ অখিলৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হওক । মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যাহ্বান জনাই বিধানসভাত তেওঁ লগত তৰ্ক কৰাৰ হুংকাৰ প্ৰদান কৰিছিল অখিল গগৈয়ে ৷ পৰৱৰ্তী সময়ত হিমন্ত-অখিলৰ বাকযুদ্ধই ৰাজনৈতিক প্ৰেক্ষাপট গৰম কৰি তোলাৰ সম্ভাৱনা পৰিস্ফুট হৈ পৰিছে ৷

লগতে পঢ়ক : সংবাদ মেলযোগে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Last Updated : Jul 11, 2021, 11:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.