ETV Bharat / state

নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা - nalbari police station

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই নলবাৰী সদৰ থানাত উপস্থিত হৈ মুগকুছি চ’কত ডকাইত আৰু আৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনাৰ বুজ লয় ৷ ইয়াৰ লগতে থানাত উপস্থিত হৈ জয়ন্ত মল্ল বৰুৱাই অভিযানৰ লগত জড়িত আটাইকেইগৰাকী আৰক্ষীক গামোচাৰে সম্বৰ্ধনা জনায় ৷

jayanta-malla-baruah-at-nalbari-police-station
নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা
author img

By

Published : Jun 5, 2021, 12:55 PM IST

নলবাৰী,5 জুন: শুকুৰবাৰে নলবাৰী সদৰ থানাত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ৷ নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ভাস্কৰ মল্ল পাটোৱাৰীৰ এক যুটীয়া অভিযানত নলবাৰী মুগকুছি চ’কত আৰক্ষীৰ সৈতে ডকাইতৰ গুলীচালনা সংঘটিত হৈছিল ৷ এই গুলীচালনাত বক্কৰ আলী আৰু বিজু আহমেদ নামৰ দুটা ডকাইত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ উপৰিও ৰুবুল হুছেইন নামৰ আন এটা ডকাইতক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

ইয়াৰ পিচতে শুকুৰবাৰে নলবাৰীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে সদৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷ ঘটনাৰ বুজ লৈ বিধায়ক গৰাকীয়ে নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা, ঘগ্ৰাপাৰ থানাৰ বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, নলবাৰী থানাৰ টাউন দাৰোগা বিশ্বজ্যোতি দুৱৰীকে ধৰি উক্ত অভিযানত জড়িত থকা আটাইকেইগৰাকী আৰক্ষীক গামোচাৰে উস্ম সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক উৎসাহ যোগায়‌ ।

লগতে পঢ়ক : দু:সাহসিক অভিযান চলোৱা নলবাৰী আৰক্ষীক প্ৰশংসা ডিআইজি ব্ৰজেনজিৎ সিনহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.