নলবাৰী,20 ছেপ্তেম্বৰ: ৰাজ্যত অব্যাহত আছে ইৰাণী গ্ৰুপৰ সদস্যৰ সন্ত্ৰাস ৷ ইৰাণী গ্ৰুপৰ সদস্যৰ কৱলত পৰি বিভিন্ন সময়ত সৰ্বস্বান্ত হৈ আহিছে বহু লোক ৷ পিছে শুকুৰবাৰে কপাল বেয়া আছিল এজন সদস্যৰ ৷ নলবাৰী সদৰ থানাৰ সন্মুখত থকা ষ্টেট বেংকৰ পৰা ধন উলিয়াই অহা এগৰাকী মহিলাৰ পৰা ধন কাঢ়ি নিবলৈ চেষ্টা কৰাৰ সময়তে ৰাইজৰ হাতত বন্দী হয় কাতিহাৰৰ ৰাজকুমাৰ নামৰ এজন যুৱক ৷
উল্লেখ্য যে বিন্দু পাটোৱাৰী নামৰ মহিলা গৰাকীৰ পৰা ধনৰ টোপোলা কাঢ়ি নিবলৈ উদ্যত হোৱাৰ সময়তে ৰাইজে খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম যুৱক জনক ৷ ইয়াৰ পাছতেই উত্তেজিত ৰাইজে লপা-থপা দি গতাই দিয়ে আৰক্ষীক ৷ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷