ETV Bharat / state

প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপনৰ চিন্তাৰে নলবাৰী জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক - Covid-19

আন ৰাজ্যলৈ সংস্থাপন বিচাৰি যোৱা শ্ৰমিকসকল কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ বাবে নিজৰ ৰাজ্যলৈ উভতি আহিছে । অসমৰ পৰা চেন্নাই, হায়দৰাবাদ, মুম্বাই, দিল্লী , বাংগালুৰু আদিকৰি উদ্যোগ প্ৰধান ঠাইৰ উপৰিও কিছু সংখ্যক লোক বিদেশৰ পৰাও অসমলৈ উভতি আহিছে । যাৰবাবে সংস্থাপনহীন হৈছে বহুলোক । এইসকল শ্ৰমিকক নিজৰ ৰাজ্যত সংস্থাপন দিব পাৰি নেকি তাৰ বাবে ভাৰত চৰকাৰে চিন্তা-চৰ্চা কৰিছে ।

Important meeting at nalbari dc disscuse about migrant worker

author img

By

Published : Jun 27, 2020, 12:05 AM IST

নলবাৰী, ২৬ জুন : নিজৰ নিজৰ ৰাজ্যৰ পৰা আন ৰাজ্যলৈ সংস্থাপন বিচাৰি যোৱা শ্ৰমিকসকল কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ বাবে নিজৰ ৰাজ্যলৈ উভতি আহিছে । অসমৰ পৰা চেন্নাই, হায়দৰাবাদ, মুম্বাই, দিল্লী , বাংগালুৰু আদি কৰি উদ্যোগ প্ৰধান ঠাইৰ উপৰিও কিছু সংখ্যক লোক বিদেশৰ পৰাও অসমলৈ উভতি আহিছে । যাৰবাবে সংস্থাপনহীন হৈছে বহুলোক । এইসকল শ্ৰমিকক নিজৰ ৰাজ্যত সংস্থাপন দিব পাৰি নেকি তাৰ বাবে ভাৰত চৰকাৰে চিন্তা-চৰ্চা কৰিছে ।

সেই সম্পৰ্কত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰলৈ এক পত্ৰযোগে জিলাখনত সংস্থাপনৰ দিশত কি কৰিব পাৰি বা কেনেকুৱা সম্ভাৱনীয়তা আছে তাৰ বাবে জনাবলৈ নিৰ্দেশ দিয়া হৈছে । জিলাখনত কৃষি, মীন, পশুপালন, দুগ্ধ উন্নয়ন , উদ্যোগ আদি ক্ষেত্ৰত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কিবা সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰি নেকি বা বেংকে এইক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰে ইত্যাদি কথা আলোচনা কৰিবৰ বাবে আজি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে তেওঁৰ সভাকক্ষত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰে ।

জিলাখনত কৃষি বিভাগৰ অধীনত , মীন বিভাগৰ অধীনত , উদ্যোগৰ ক্ষেত্ৰত , পশুপালনৰ ক্ষেত্ৰত সংস্থাপনৰ কেনেকুৱা সম্ভাৱনীয়তা আছে তাৰ বিষয়ে আলোচনা কৰা হয় আজিৰ সভাত । আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ সহায়-সহযোগিতা অবিহনে ই সম্ভৱ হৈ উঠিব নোৱাৰে । গতিকে ইয়াৰ বাবে পৰিকল্পনা কৰি কাম কৰিব লাগিব। সেয়েহে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে ।

আজিৰ সভাত নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, অতিৰিক্ত উপায়ুক্ত ফিৰডৌচ আলম শ্বেইখ, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড: মৃদুল ডেকা, দুগ্ধ উন্নয়ন বিভাগৰ উপ-সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক, জিলা কৃষি বিষয়া, জিলা মীন বিষয়া, জিলা পশুপালন বিষয়া, লীড ডিষ্ট্ৰিক্ট বেংক মেনেজাৰ, নাবাৰ্ডৰ ডিডিএম আদি বিষয়াসকল উপস্থিত থাকে।

লগত পঢ়ক : তেজপুৰত পথ দুৰ্ঘটনাত আৰক্ষী বিষয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.