নলবাৰী, ২৭ জুলাই : নলবাৰীৰ মুকালমুৱাত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা । ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ । স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ ।
এই ঘটনা মুকালমুৱাৰ চান্দা চৰৰ । আচমিনা বেগম নামৰ এগৰাকী মহিলাক স্বামীৰ পৰিয়ালে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উঠিছে । কালাৰদিয়া চৰৰ দিদাৰ আলীৰ পৰিয়ালে মহিলাগৰাকীক হত্যাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পৰিয়ালে ৷ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰো অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ (Murder case in Mukalmua) ৷
জানিব পৰা মতে পাঁচ মাহ পূৰ্বে মুকালমুৱাৰ বৰধাপৰ আচমিনা বেগমক সামাজিক প্ৰথাৰে বিবাহ কৰাইছিল কালাৰদিয়া চৰৰ দিদাৰ আলীয়ে ৷ অভিযোগ অনুসৰি বিয়াৰ পাছৰে পৰা যৌতুক বিচাৰি বোৱাৰীগৰাকীক অকথ্য নিৰ্যাতন চলায় আহিছিল স্বামী গৃহৰ পৰিয়ালে ৷ আনহাতে বুধবাৰে বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈছে ।
বোৱাৰীগৰাকী পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে স্বামী দিদাৰ আলীসহ পৰিয়ালৰ পাঁচ সদস্যক আটক কৰিছে (Police arrests husband and family)। সম্প্ৰতি মুকালমুৱা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে অভিযুক্ত কেইজনক ৷ ইফালে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ৰহস্যজনকভাৱে দিদাৰ আলীয়ে তেওঁৰ প্ৰথমা পত্নীকো মৰিয়াই হত্যা কৰাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক :Engineer suicide at Bilasipara: ভাড়া ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ অভিযন্তাৰ মৃতদেহ