ETV Bharat / state

বড়িগোগ বনভাগ সমবায়ৰ 16শ কুইন্টল চাউল নষ্টৰ উপক্ৰম

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কুৰিখনতকৈ অধিক গাঁও পানীৰ তলত । বৰভাগত ১৭ হাজাৰ হিতাধিকাৰী সমস্যাত পৰাৰ আশংকা । নলবাৰীৰ দামোদৰ ধাম পথৰ প্ৰায় ৪০০ মিটাৰ পানীয়ে উটুৱাই নিলে বানে। ইতিমধ্য়ে নষ্ট ৩/৪ শ কুইন্টল চাউল ।

author img

By

Published : Jun 18, 2022, 2:17 PM IST

nalbari
বড়িগোগ বনভাগ সমবায়ৰ 16শ কুইন্টল চাউল নষ্টৰ উপক্ৰম

নলবাৰী,১৮ জুন : বিগত কিছুদিন ধৰি ৰাজ্য়ত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । এতিয়া চৌদিশে কেৱল পানীয়েই পানী (Flood Continued Badly Hits In Assam) । ফলত বন্য়াৰ্তই ককবকাইছে বানৰ মাজত । ৰাজ্য়ৰ আন কেইবাখনো জিলাৰ লগতে নলবাৰীতো বানৰ তান্ডৱ অব্য়াহত আছে (Nalbari Submerged In Flood) । নলবাৰী জিলাত বানে কালৰূপ ধাৰণ কৰাত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনতকৈ অধিক গাঁও পানীৰ তলত বুলি জানিব পৰা গৈছে । ইয়াৰ মাজতে ধুৰকুছিস্থিত বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ গৃহ পানীত বুৰ গৈছে । ফলত বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ ৩৪ খন গাৱৰ চাউল নষ্ট হোৱাৰ উপক্ৰম হৈছে । এতিয়া বড়িগোগ বনভাগ বহুমুখী সমবায়খনৰ ১৬শ ২২ কুইন্টল চাউল নষ্ট হোৱাৰ উপক্ৰম হোৱাত হাহাকাৰ লাগিছে বন্য়াৰ্তৰ (16 Hundred 22 Quintals Rice May Spoil In Flood) । চাউলখিনি নষ্ট হ'লে ১৭ হাজাৰ হিতাধিকাৰী সমস্যাত পৰা আশংকা কৰা হৈছে ।

পানীৰ তলত বড়িগোগ বনভাগ সমবায়

এই সমবায়খনত ইতিমধ্যে চাউল ৰখা গৃহটোত বাঢ়নী পানী সোমাই ৩/৪ শ কুইন্টল চাউল নষ্ট কৰিছে বুলি সমবায়খনৰ সচিব বসন্ত বেজবৰুৱাই জানিব দিছে । জিলা প্ৰশাসনে শীঘ্ৰে চাউল খিনি উদ্ধাৰৰ ব‍্যৱস্থা নকৰে তেতিয়াহ'লে প্ৰায় ১৭ হাজাৰ হিতাধিকাৰীয়ে চাউলৰ নাটনিত পৰিব । উল্লেখ‍্য যে সমবায়খনলৈ যোৱা দামোদৰ ধাম পথৰ প্ৰায় ৪০০ মিটাৰ পানীয়ে ইতিমধ্য়ে উটুৱাই নিছে । ইয়াৰ উপৰিও সিদ্ধি শৰ্মা হাইস্কুল ,ধুৰকুছি বিষহৰি মন্দিৰকে ধুৰকুছি অঞ্চলটোত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: বানত কোঙা শোণিতপুৰ জিলা: পানীৰ তলত বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.