নলবাৰী, 23 ফেব্ৰুৱাৰীঃ নলবাৰীত মেডিকেল কলেজ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে নলবাৰী দক্ষিণ গাঁৱত নিৰ্মাণ হৈ থকা নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাৰ দতৰাত থকা এক অনুষ্ঠানৰ পৰা আহি মেডিকেল কলেজত সোমাই কাম কাজৰ বুজ লয় ।
আনহাতে, বিগত বছৰৰ পৰা আৰম্ভ হোৱা নলবাৰী মেডিকেল কলেজৰ কাম ক্ষীপ্ৰ গতিৰে চলিছে । চিকিৎসালয় খন সম্পূৰ্ণ হোৱাৰ পিছত জিলা খনত চিকিৎসাৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷