নলবাৰী,৯ এপ্ৰিল: বিদ্যালয় নহয় যেন ব্যক্তিগত কাৰ্যালয়হে । মন গ'লে খোলে মন গ'লে বন্ধ ৰাখে এখন বিদ্যালয় । পিছে নিজ ময়মতালিৰ বাবে নিলম্বিত হ'ল এগৰাকী প্ৰধান শিক্ষক । মুকালমুৱাৰ বামুন্দীতাৰী ট্ৰাইবেল প্ৰাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিলম্বনৰ নিৰ্দেশ ।
প্ৰায়েই বিদ্যালয়ত উপস্থিত নাথাকে প্ৰধান শিক্ষক বাবুল চাংমা স্বৰ্গীয়াৰী । নিজ খেয়াল-খুচিমতে বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ লগতে বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষমা নকৰাৰো অভিযোগ উত্থাপন হৈছিল প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ।
সমান্তৰালভাৱে মধ্যাহ্ন ভোজনত বিসংগতি (irregularity in mid day meal distribution) কৰাকে আদি কৰি ভিন্ন অভিযোগ থকা প্ৰধান শিক্ষক গৰাকীক অৱশেষত নিলম্বন কৰে নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই । লগতে বিদ্যালয়খনৰ আন এগৰাকী সহকাৰী শিক্ষয়িত্ৰী ডেইজী ডেকাৰো দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ প্ৰদান কৰে বিষয়া গৰাকীয়ে ।
ইফালে বিদ্যালয়খনৰ এনেবোৰ অনিয়মৰ বিষয়ে উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত নকৰাৰ বাবে বিদ্যালয়খনৰ CRCC দায়িত্বত থকা বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষাখণ্ডৰ CRCC প্ৰদীপ পাটোৱাৰীও পৰিছে ৰোষত । নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমানত কুমাৰ ডেকাই CRCC প্ৰদীপ পাটোৱাৰীক এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ।
লগতে পঢ়ক: কাকপথাৰত চোৰাং কাঠ সহ ট্ৰাক জব্দ