ETV Bharat / state

Nalbari marriage controversy : প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে দৰা প্ৰসেনজিতে - কেমেৰাৰ সন্মুখত মুখ খুলিলে দৰা প্ৰসেনজিতে

আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে কইনাৰ । ধনৰ লোভত দৰা ঘৰৰ সৈতে এনে কৰিলে কইনা ঘৰৰ পৰিয়ালে । এই অভিযোগ দৰা প্ৰসেনজিৎ হালৈৰ (Groom reacts over alcohol consumption)। দৰা ঘৰৰ আত্মীয়ৰ পৰা সোণৰ চেইন আৰু ধন লৈ যোৱাৰো অভিযোগ ।

Nalbari marriage controversy
প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে দৰা প্ৰসেনজিতে
author img

By

Published : Mar 11, 2023, 4:49 PM IST

প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে দৰা প্ৰসেনজিতে

নলবাৰী,১১ মাৰ্চ : নলবাৰীৰ বৰখানাজানৰ এখন বিয়াক লৈ সমগ্ৰ অসমতে বিশেষ চৰ্চা চলিছে (Nalbari marriage controversy)। নলবাৰীৰ গোপাল বজাৰৰ দৰা প্ৰসেনজিৎ হালৈয়ে নলবাৰী চহৰৰ সমীপৰ বৰখানাজানৰ কইনাগৃহত বিয়াৰ দিনা হোমৰগুৰিতেই শুই যোৱাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে । কইনা ঘৰৰ অভিযোগ মতে দৰাই সুৰাৰ ৰাগীত ভাৰসাম্য হেৰুৱাই হোমৰগুৰিতেই শুই গৈছিল ।

কেৱল ইমানেই নহয় দৰাৰ পিতৃও সুৰাৰ ৰাগীত থকাৰ অভিযোগ আনিছে কইনা ঘৰৰ পৰিয়ালে । তাৰ পাছতে সংবাদমাধ্যমৰ সন্মুখত দৰাৰ পৰিয়ালেও কইনা ঘৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে । দৰাৰ মাতৃৰ পাছত এইবাৰ দৰাই নিজেও একেই অভিযোগ উত্থাপন কৰিছে (Groom reacts over alcohol consumption)। দৰা প্ৰসেনজিৎ হালৈয়ে জনোৱা মতে তেওঁ এনজাইটিৰ ৰোগী । চেন্নাইৰ এপ'ল'ত প্ৰসেনজিতৰ বৰ্তমানো চিকিৎসা চলি আছে । যিটো কথা বিয়াৰ পূৰ্বে দৰা প্ৰসেনজিতে কইনাক অৱগত কৰিছিল ।

বিয়াৰ কেইদিনমানৰ পৰা দৰা প্ৰসেনজিতৰ সদায় টোপনিৰ কমি অহাৰ লগতে লঘোনে থকাৰ বাবে বিয়াৰ দিনাখন তেওঁৰ গাটো অধিক বেয়া হৈ পৰিছিল । প্ৰসেনজিতৰ মতে দৰা সাজি যোৱাৰ পূৰ্বৰে পৰা তেওঁ কিছু অসুস্থ অনুভৱ কৰি আছিল আৰু হোমৰগুৰিত ভাৰসাম্য হেৰুৱাই তেওঁ শুই পৰিছিল (Drunken groom in Nalbari)।

সেই সময়তেই কইনাৰ পিতৃয়ে আহি দৰা প্ৰসেনজিতক চৰ সোধাইছিল আৰু প্ৰসেনৰ ভগ্নীকো কইনাঘৰৰ আত্মীয়ই আক্ৰমণ কৰাৰ অভিযোগ কৰিছে দৰা প্ৰসেনজিতে । তাৰ পাছতে সমগ্ৰ বিয়াথলীত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱা বুলিও কয় প্ৰসেনজিৎ হালৈয়ে । উক্ত হতাহতিত দৰাৰ আত্মীয়ৰ পইচা, সোণৰ চেইন পৰ্যন্ত কইনা ঘৰৰ লোকে কাঢ়ি লৈ যোৱাৰো অভিযোগ আনে দৰাই ।

পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হোৱাত হে দৰা ঘৰৰ লোকৰ জীৱন ৰক্ষা পৰে বুলি মত প্ৰকাশ কৰে দৰা প্ৰসেনজিৎ হালৈয়ে । ইফালে প্ৰসেনজিতক সুৰাপান কৰি যোৱা বুলি কইনা ঘৰৰ লোকে মিছা বদনাম কৰিছে । ইয়াৰ কাৰণো ক'লে দৰা প্ৰসেনজিৎ হালৈয়ে । তেওঁ কয় যে কইনাৰ আন প্ৰেমিক থকাৰ বাবে ঘৰৰ ভিতৰৰ পৰা হোমৰগুৰিলৈ ওলাই নাহিল । সেয়ে তেওঁৰ ওপৰত মিছা অপবাদ দিছে বুলিও দৰা প্ৰসেনজিতে অভিযোগ কৰে ।

প্ৰসেনজিতৰ স্পষ্ট মন্তব্য তেওঁ কোনো কাৰণতে সেইগৰাকী কইনাৰ সৈতে বিবাহ পাশত আৱদ্ধ নহয় । ইয়াৰ এক উচিত ন্যায় বিচাৰি দৰা ঘৰৰ লোকে আইনৰ কাষ চাপিব বুলিও কয় প্ৰসেনজিতে ।

লগতে পঢ়ক :Nalbari Marriage incident: দৰাৰ মাতৃৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.