ETV Bharat / state

School management committee: চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহ ৰাজনীতিকৰণ কৰা হৈছে: কংগ্ৰেছ - Congress leader Ratul Patowary press meet

নলবাৰী জিলাৰ একাংশ বিদ্যালয়ৰ পৰিচালনা সমিতিত ৰাজনৈতিক ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছে । এই অভিযোগ কংগ্ৰেছ নেতা ৰাতুল পাটোৱাৰীৰ । লগতে ক’লে, বান সাহায্যৰ নামত জিলাখনত শাসকীয় দলৰ নেতাই দুৰ্নীতি সংঘটিত কৰিছে (Corruption in flood relief at Nalbari)।

School management committee Politicalization
চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহ ৰাজনীতিকৰণ কৰা হৈছে
author img

By

Published : Aug 6, 2022, 12:03 PM IST

নলবাৰী,৬ আগষ্ট : 'অসমৰ চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহ ৰাজনৈতিক নেতাৰে ভৰি পৰিছে ।' এই অভিযোগ নলবাৰী জিলা কংগ্ৰেছৰ সভাপকি ৰাতুল পাটোৱাৰীৰ । নলবাৰীত সংবাদমেলৰ আয়োজন কৰি নেতাগৰাকীয়ে কয় যে কোনো নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াই অথবা ৰাজনীতিত জড়িত লোকসকল বিদ্যালয়ৰ পৰিচালনা সমিতিত চৰকাৰী নিয়ম অনুসৰি জড়িত হ’ব নোৱাৰে ।

কিন্তু ইয়াৰ বিপৰীতে বাটসৰ শ্বহীদ সুভাষ শৰ্মা হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে জড়িত হৈ আছে পুলক কুমাৰ শৰ্মা ৷ পুলক শৰ্মা নলবাৰী বিজেপিৰ জিলা সমিতিৰ সম্পাদক ৷ আনহাতে দিলীপ বৰ্মন নামৰ লোকজন ৰাজনীতিত জড়িত হোৱাৰ উপৰিও বিহামপুৰ জনতা হাইস্কুলৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাম কৰি আছে ।

চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহ ৰাজনীতিকৰণ কৰা হৈছে: কংগ্ৰেছ

বৰ্তমান নলবাৰী জিলাত চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিত জিলাখনৰ ১৭ গৰাকীকৈ ৰাজনৈতিক নেতা জড়িত আছে বুলি তেওঁ অভিযোগ কৰে (School management committee Politicalization in Nalbari)। নলবাৰী ৰাজীৱ ভৱনত সংবাদ মেলত সভাপতি ৰাতুল পাটোৱাৰীয়ে এই ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে (Congress leader slams BJP govt)।

নলবাৰী জিলাখনৰ বিভিন্ন সমস্যা সম্পৰ্কত মন্তব্য কৰাৰ উপৰিও বান সাহায্যৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰে ৰাতুল পাটোৱাৰীয়ে । ইফালে আগন্তুক নলবাৰী জিলাৰ প্ৰতিষ্ঠা দিৱসত প্ৰশাসনক কংগ্ৰেছে সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে ৰাতুল পাটোৱাৰীয়ে ।

লগতে পঢ়ক :Broker handed over to police: ভুৱা জামিন দিওঁতাক মাৰি মাৰি থানাত চমজাই দিলে মহিলাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.